দেউকন ট্ৰফী আন্তঃজিলা স্কুল ফুটবলত চেম্পিয়ন কোকৰাঝাৰ

football

প্ৰতিনিধিত্বমূলক ছবি

বৰপেটাত অনুষ্ঠিত হৈ যোৱা দেউকন ট্ৰফী আন্তঃজিলা স্কুল ১৭ বছৰৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতাত কোকৰাঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ে চেম্পিয়নৰ খিতাপ দখল কৰে। এই কৃতিত্ব লাভ কৰাৰ লগে লগে চেম্পিয়ন দলটোৱে সৰ্বভাৰতীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট সুব্ৰত কাপৰ বাবেও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আন্তঃজিলা স্কুল টুৰ্ণামেণ্টখনৰ ফাইনেল খেলত কোকৰাঝাৰৰ দলটোৱে পশ্চিম কাৰ্বি আংলং টুমপ্ৰে উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত প্ৰতিদ্বণ্ডিতা কৰে। মেচখনত কোকৰাঝাৰ দলে পশ্চিম কাৰ্বি আংলঙৰ বিদ্যালয়খনক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰে।

মেচখনৰ আৰম্ভণিৰে পৰা কোকৰাঝাৰৰ দলটোৱে আক্ৰমণাত্মক ভাৱে প্ৰতিপক্ষ দলক থকা সৰকা কৰি দিয়ে। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় কোকৰাঝাৰ দলৰ ফাল্গুনী বসুমতাৰী।

আনহাতে প্ৰতিযোগিতাখনৰ সৰ্বোচ্চ গ’লদাতাৰ সন্মান লাভ কৰে কোকৰাঝাৰ দলৰে দেৰহাচাত দৈমাৰীয়ে। শ্ৰেষ্ঠ গ’লকীপাৰৰ সন্মান লাভ কৰে বাক্সাৰ তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেগৰাজ বসুমতাৰী।

দেওবাৰে অনুষ্ঠিত হৈ যোৱা ফাইনেল মেচৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, সন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নথ অধিকাৰী আৰু জিলা উপায়ুক্ত উপস্থিত থাকি বিজয়ী আৰু ৰানাৰ্ছ আপ দলক বঁটা প্ৰদান কৰে।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ চেম্পিয়ন দল কোকৰাঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ে দিল্লীত অনুষ্ঠিত হ’বলগীয়া সুব্ৰত কাপত অংশগ্ৰহণৰ সুযোগ পোৱাত এতিয়া খেলুৱৈসকলৰ লগতে বিদ্যালয়খনতো এক প্ৰকাৰ উসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।