দেশৰ আগশাৰীৰ বিদ্যালয়ত অধ্যয়নৰ বাবে নিৰ্বাচিত ছিকিমৰ গ্ৰামাঞ্চলৰ ৫০ শিক্ষাৰ্থী  

CMMSS

ছিকিমৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫০ গৰাকী শিক্ষাৰ্থীয়ে দেশৰ কেইবাখনো আগশাৰীৰ বিদ্যালয়ত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে।

মুখ্যমন্ত্ৰী মেধা বৃত্তি আঁচনিৰ অধীনত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী সকলে ৰাজ্যখনৰ লগতে দেশৰ বহু উচ্চ মান সম্পন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে বুধবাৰে গেংটকৰ মডাৰ্ন ছেকেণ্ডাৰী স্কুলত এই উপলক্ষে অনুষ্ঠিত এটা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলক এই সন্দৰ্ভত সকলো দিহা পৰামৰ্শ আগবঢ়োৱা হয়। ৰাজ্যিক মানৱ সম্পদ উন্নয়ন বিভাগৰ দ্বাৰা আয়োজিত উক্ত অনুষ্ঠানটোত ৫০গৰাকী শিক্ষাৰ্থীৰ লগতে তেওঁলোকৰ অভিভাৱক সকল উপস্থিত থাকে।

বিশেষভাৱে উল্লেখনীয় বিষয় এইটোৱে যে বিগত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত মেধা পৰীক্ষাত নিৰ্বাচিত ৫০গৰাকী শিক্ষাৰ্থীৰ ভিতৰত কৰ্মা চিলটিম ভূটিয়া, আইচা প্ৰধান আৰু নেনচাং লেপচাই যথাক্ৰমে শীৰ্ষ তিনিটা স্থান দখল কৰিবলৈ সক্ষম হয়।

অনুষ্ঠানটোত সাংবাদিকৰে মত বিনিময় কৰি ১১ বছৰীয়া কৰ্মা চিলটিম ভূটিয়াই তেওঁ লাভ কৰা সুযোগৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পৱন চামলিঙক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে এই ছাত্ৰ গৰাকীয়ে মধ্য প্ৰদেশৰ গোৱালিয়ৰস্থিত সিন্ধিয়া বইজ স্কুলত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে।

গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী সকলক এইদৰে মেধা বৃত্তিৰ জৰিয়তে উচ্চ মান সম্পন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ দিয়াৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা উদ্যোগক আদৰণি জনাইছে ৰাইজে।