দেশৰ প্ৰকৃত মালিকসকল জাগিবৰ হ’ল : মানৱ অধিকাৰ তথা সমাজকৰ্মী দিৱ্যজ্যোতি শইকীয়া

dj saikia

‘গণতন্ত্ৰত ৰাইজেই ৰজা। সাধাৰণ জনগণ হ’ল এখন গণতান্ত্ৰিক দেশৰ মূল মালিক। মন্ত্ৰী-আমোলা হ’ল দেশৰ সেৱক। আজি প্ৰকৃত মালিকসকল নিদ্ৰাত থকাৰ বাবে সেৱকসকলে দেশখন লুটি পুটি খাইছে। সেয়ে মই কওঁ প্ৰকৃত মালিকসকল জাগিবৰ হ’ল। তেতিয়াহে দেশ বাচিব, নহ’লে সেৱকৰূপী মন্ত্ৰী-আমোলাই দেশ ৰসাতলে নিব,’’-এই মন্তৱ্য টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য মানৱ অধিকাৰ তথা সমাজকৰ্মী দিৱ্যজ্যোতি শইকীয়াৰ।

সোমবাৰে কাৰ্বি আংলঙৰ ডকমকা চেৰাকানিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য দিব্যজ্যোতি শইকীয়াই কয় যে ২০১১ চনত আন্না হাজাৰেৰ নেতৃত্বত হোৱা আন্দোলনত বহুলোকে ৰাজনৈতিক মুনাফা আদায় কৰিলে।

এইবাৰ ২৩ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া সত্যাগ্ৰহ আন্দোলনত কাকো ৰাজনৈতিক মুনাফা ল’বলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি শইকীয়াই কয় যে আমাৰ এই দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে ব্যাপক সঁহাৰি জনাব বুলি আমি আশাবাদী।

২৩ মাৰ্চত নতুন দিল্লীৰ ৰামলীলা ময়দানত হ’বলগীয়া সত্যাগ্ৰহ আন্দোলনত কৃষকৰ নানা সমস্যাৰ লগতে কৃষকৰ পেন্সন, নিকা আৰু নিৰপেক্ষ নিৰ্বাচন, জনলোকপালক শুদ্ধকৈ বলৱৎকৰণ আদি বিভিন্ন দাবী উত্থাপন কৰা হ’ব।

টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য গৰাকীয়ে লগতে কয় যে অলপতে আন্নাই অসম তথা অৰুণাচল ভ্ৰমণলৈ আহোতে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছিল।

আগন্তুক দিনত আন্নাৰ দুৰ্নীতি বিৰোধী সংগ্ৰামখনত আমাৰ অসমৰ ৰাইজে সহায় সহযোগিতা আগবঢ়াই যাব বুলি আশা ব্যক্ত কৰে শইকীয়াই।