দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভাৰতীয়ৰ হৃদয় জিনিলে বি এছ এফৰ এজন অসমীয়া জোৱানৰ ছেক্স’ফ’ন বাদনে

সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান হিচাপে কৰ্মৰত চিত্তৰঞ্জন সোণোৱাল নামৰ এজন কম বয়সীয়া যুৱকৰ অপূৰ্ব আৰু অতুলনীয় মধুৰতাৰে ছেক্স’ফ’ন বাদনত ভাষা-ধৰ্ম-বৰ্ণ নিৰ্বিশেষ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত থকা লাখ লাখ ভাৰতীয়ৰ হৃদয় উথলি উঠা দেখা গৈছে। ছ’চিয়েল মিডিয়াত লাখ লাখ লোকে চোৱা আৰু শ্বেয়াৰ কৰা সোণোৱালৰ এই বাদনৰ অপূৰ্ব নিখুঁতাত মুগ্ধ হৈ তেওঁক নানা প্ৰশংসাৰ বাণীৰে উপচাই পেলাইছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে। ছ’চিয়েল মিডিয়াত বহুল প্ৰচাৰ লাভ কৰা ছেক্স’ফ’ন বাদনৰ এই ভিডিঅ’টোত মাৰ্ঘেৰিটাৰ যুৱকজনক বি এছ এফৰ পোচাক পিন্ধি মাংগেশকাৰৰ কণ্ঠৰ বিখ্যাত ‘য়ে মেৰে ৱতন কে লোগো…’ শীৰ্ষক দেশপ্ৰেমমূলক গীতটি অপূৰ্ব মধুৰতাৰে ছেক্স’ফ’নত পৰিৱেশন কৰা দেখা গৈছে।

প্ৰায় ৩ লাখ মান follower থকা ‘গানের ভেলায়’ নামৰ ফেচবুক পেইজটোৱে এই ভিডিঅ’টো তেওঁলোকৰ টাইম লাইনত শ্বেয়াৰ কৰি এইদৰে কয়, ‘শ্বেয়ার না করে থাকতে পারলাম না।’

তাৰ পিছতে এই ভিডিঅ’টো চোৱা আৰু শ্বেয়াৰ কৰা লোকৰ সংখ্যা জ্যামিতিক হাৰত বাঢ়ি যায়। লাখ লাখ লোকে চোৱাৰ লগতে সাত হাজাৰতকৈ অধিক লোকে প্ৰশংসাসূচক মন্তব্য কৰাৰ লগতে তেওঁক জিনিয়াছ আখ্যা দিছে।

‘U r genius, u r marvelous… u r the wizard of saxophone…’ এজন ফেচবুকিয়ানৰ মন্তব্য।

আন এজন, সাগৰ নন্দ হাওৰাই লিখিছে- u r a great performer also. I am speechless and proud of you.

‘Boss I convey my sincere regards for this extraordinary presentation…’ –অমিত দাস।

What a performance! Congratulation brother. I am proud of you and also proud to be an Indian. অশোক ঘোষ নামৰ এজনে এইদৰে কয়।

কৌশিক ভাস্কৰ নামৰ এজনে লিখিছে- I have never listen so excellent solo saxophone performance before… Thank you for experiencing such a lovely moment.

‘Fabulous, heart blowing, glorius…’ Indirani Maity

Prem Sunar নামৰ এজনে লিখিছে- ‘hats-off to this legend of Indian army. He is gifted, amazed so much… pride of NE.’

আনহাতে সীমাৰ পৰিধি ভাঙি এই বাদনৰ জৰিয়তে সোণোৱালে দেশৰ বাহিৰত থকা বহুতো লোকৰ পৰাও প্ৰশংসা আদায় কৰিছে। বহুকেইজন প্ৰৱাসী ভাৰতীয়ই তেওঁৰ প্ৰতিভাৰ অনন্যতাক একমুখে স্বীকাৰ কৰিছে। তাৰোপৰি বাংলাদেশৰো ভালে সংখ্যকে এই শিল্পময় বাদনক হৃদয়ৰ পৰা প্ৰশংসা কৰিছে।

বাংলাদেশৰ মেহমুদ হাছানে লিখিছে- ‘আমি বাংলাদেশি। সুন্দর সুর যে গানেরই হোক, যে দেশেরই হোক তা ভালো না লেগে পারে না। সুরের কোন ভৌগোলিক সীমাবদ্ধতা নেই। এই ফৌজি শিল্পীর বাদন ছিলো খুবই চমৎকার।’

লক্ষণীয়ভাৱে ফেচবুকত অসংখ্য অসমীয়া লোকৰ থকা সত্ত্বেও তেওঁলোকৰ পৰা সিমান আগ্ৰহ আদায় কৰিব পৰা নাই চিত্তৰঞ্জনৰ এই ছেক্স’ফ’ন বাদনৰ ভিডিঅ’টোৱে।

জানিব পৰামতে চিত্তৰঞ্জনে বাঁহীও খুব সুন্দৰ বজাব পাৰে।