দেৱাশিস খাৰঘৰীয়াৰ ছুটীৰ আবেদন নাকচ অ’ এন জি চি কৰ্তৃপক্ষৰ; গীতাশ্ৰীক নিদিয়ে বিদ্যালয়ত যোগদান কৰিবলৈ

Rajani

সুদিনত ভূপেন হাজৰিকাৰ সৈতে ৰজনী খাৰঘৰীয়া।

মাক-দেউতাকক অনাদৰ-অৱহেলা তথা অপমান কৰি কৰুণ মৃত্যুলৈ ঠেলি দিয়া অ’ এন জি চিৰ চাকৰিয়াল দেৱাশিস খাৰঘৰীয়া তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰাৰ সৈতে বৰ্তমান পলাতক অৱস্থাত আছে। আনহাতে সৰু বায়েকে মাক-দেউতাকৰ মৃত্যুৰ বাবে জগৰীয়া কৰি দিয়া গোচৰৰ ভিত্তিত তেওঁক বিচাৰি আছে আৰক্ষীয়ে। ফলত যোৱা ১ জুলাইৰ পৰা কৰ্তব্যত উপস্থিত থকা নাই দেৱাশিস।

গোটেই ৰাজ্যজুৰি সচেতন মানুহৰ অন্তৰাত্মাক কঁপাই যোৱা ঘটনাটোৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰে হৈ থকাৰ ফলত দেৱাশিসৰ প্ৰতি কঠোৰ হৈছে তেওঁ চাকৰি কৰা অ’ এন জি চি কৰ্তৃপক্ষও। জানিব পৰামতে, দেৱাশিসে অনলাইনযোগে ১ জুলাইৰ পৰাই ছুটী বিচাৰি আৱেদন জনাই আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই ছুটীত অনুমোদন জনোৱা নাই। তাৰ পৰিৱৰ্তে অ’ এন জি চি কৰ্তৃপক্ষই শীঘ্ৰে দেৱাশিসক কৰ্তব্যত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া বুলিহে জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অ’ এন জি চিৰ চাকৰিয়াল দেৱাশিসৰ অপমান-অৱহেলাৰ বলি হৈ মৃত্যুক সাবটি লৈছিল মাক-দেউতাকে। এটা ইনচুলিনৰ অভাৱত মাক ৰুবী খাৰঘৰীয়াৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে আত্মহত্যা কৰিছিল দেউতাক ৰজনী খাৰঘৰীয়াই।

আনহাতে দেৱাশিসৰ পত্নী গীতাশ্ৰী দুৱৰাৰ বাবেও আহিছে সংকট। চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী গীতাশ্ৰীক লৈ সমগ্ৰ ডিমৌবাসী (গীতাশ্ৰীৰ মাকৰ ঘৰ ডিমৌত) ক্ষুব্ধ হৈ থকাৰ লগতে সোনকালেই গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ডিমৌবাসীয়ে। ইয়াৰোপৰি ডিমৌ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰগুৰি মিচিং গাঁৱত অৱস্থিত শান্তিপুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত যোৱা তিনি মাহ পূৰ্বে টেট শিক্ষয়িত্ৰী হিচাপে যোগদান কৰা গীতাশ্ৰী দুৱৰাৰ কৰ্ম-কাণ্ড সন্দৰ্ভত জানিব পাৰি বৃহত্তৰ বৰগুৰি গাঁৱৰ মিচিং জনগোষ্ঠীয় ৰাইজো শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে।

বিদ্যালয়খন থকা অঞ্চলৰ স্থানীয় ৰাইজে গীতাশ্ৰী দুৱৰাৰ কাহিনী আৰু চৰিত্ৰ জনাৰ পিছত “এনেকুৱা শিক্ষয়িত্ৰীৰ আমাৰ ল’ৰা –ছোৱালীক পঢ়ুৱাৰ অধিকাৰ নাই” বুলি স্পষ্ট কৰি দিছে। তেওঁক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈও বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।