দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ দ্বিতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম

দৌল গোবিন্দ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে  উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰতো ৫ দিনীয়া কাৰ্য্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে।

কালিৰে পৰা আৰম্ভ হোৱা এই দৌল উৎসৱৰ অহা ৪ মাৰ্চ তাৰিখে অন্ত পৰিব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে।

আজি দ্বিতীয় দিনা মহা পূৰ্ণিমা উপলক্ষে এই মন্দিৰত পুৱাৰে পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা গ’ল।

আয়োজক কমিটিৰ কাৰ্য্যকৰী সভাপতি দুলাল বৰকাকতিয়ে জানিবলৈ দিয়া অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ তথা অন্য ৰাজ্যৰ ভক্তই আহি এই দৌল উৎসৱত ভিৰ কৰিছেহি। লগতে আজিৰ দিনটোত দেৱালয় ভাগত ৫ সহস্ৰাধিক লোক সমবেত হোৱা বুলি তেওঁ উল্লেখ কৰে।

পুৱাৰে পৰা এই মন্দিৰভাগত আখ্যানমূলক নাম-প্ৰসংগ অনুষ্ঠিত হোৱাৰ লগতে এটাৰ পিছত আন এটা দলে দলীয়ভাৱে নাম প্ৰসংগও চলায়।

আনহাতে আয়োজক কমিটিয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি আজি সন্ধিয়া দিব্যাংগ লোকসকলৰ দ্বাৰা ‘সুখৰ সংজ্ঞা বিচাৰি’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

এই মন্দিৰৰ ঐতিহ্য সম্পৰ্কে আয়োজক কমিটিৰ সভাপতি দুলাল বৰকটকীয়ে কয় “ইতিহাস অনুসৰি ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিজাতসম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পিত কৰা হৈছিল৷ ইয়াৰে নলবাৰী অঞ্চলত সদৰামীনৰ দায়িত্ব দিছিল গৰ্গৰাম বৰুৱাৰ ওপৰত। গৰ্গৰাম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ।’

বৰকটকীয়ে প্ৰকাশ কৰা অনুসৰি গৰ্গৰাম বৰুৱা সদৰামীনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল৷ বৰ্তমানৰ ৰঙিয়ানগৰৰ সীমাত অৱস্থিত জেকেৰীয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাঝাৰ নামৰ এখন অটব্য অৰণ্য আছিল৷ সেই জেকেৰীয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল৷ গাইজনীয়ে হেনো নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাঝাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত ওহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল৷ সদৰামীন বৰুৱাই এই কথা গম পাই সেই ৰহস্য উদ্‌ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খন্দোৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ’ল৷ সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে৷ তাতে আগৰে পৰা শ্ৰীশ্ৰীঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল৷ তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগতে নতুন বিগ্ৰহৰো পূজা-সেৱা চলিবলৈ ধৰিলে।