• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ শিক্ষামন্ত্ৰীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 14, 2018 2:28 pm
WhatsApp
390
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনত ২০১৮ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক আজি বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানটোত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ১৫ গৰাকী শিক্ষাৰ্থীৰ মাজত  পাঠ্যপুথি বিতৰণৰে আঁচনিখনৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানটোত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ, শিক্ষা বিভাগৰ আয়ুক্ত সচিব বৰুণ ভূঞা, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই আদি উপস্থিত আছিল।

উল্লেখযোগ্য যে এইবাৰ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদে ১০,২৫,৬০০ পাঠ্যপুথি ছপাইছে। এই পাঠ্যপুথি সমূহ ৰাজ্যৰ কলা ,বিজ্ঞান, বানিজ্য আৰু বৃত্তিগত শাখাৰ মুঠ ২,৮০,০০০ শিক্ষাৰ্থীৰ ভিতৰত ১,৭৫,০০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এইবাৰ অসম চৰকাৰে ১৮০০০ ইংৰাজী পাঠ্যপুথি ক্ৰয় কৰিছে Oxford Universityৰ পৰা। তদুপৰি ২০ শতাংশ ৰেহাই মূল্যত এনচিআৰটিৰ ১ লাখ 60 হাজাৰ কিতাপ ক্ৰয় কৰিছে ৰাজ্য চৰকাৰে।

মন্ত্ৰী গৰাকীয়ে এই উপলক্ষত ভাষণ আগবঢ়াই কয় যে ‘অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু উন্নয়ন নিগমে পাঠ্যপুথিৰ প্ৰণয়ন সম্পূৰ্ন কৰিছে আৰু বিতৰণৰ বাবে পঠিওৱা হৈছে। পূৰ্বৰ দৰে শিক্ষাৰ্থীয়ে শ্ৰেণী আৰম্ভ হোৱাৰ তিনি মাহৰ পাছলৈ পাঠ্যপুথি নোপোৱাকৈ এইবাৰ নাথাকে। মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকক বিচ্ছিন্ন কৰাৰ কথা ওলাই আছে যদিও চৰকাৰে এই সিদ্ধান্ত এতিয়ালৈ লোৱা নাই। অহা বছৰলৈ এই বিষয়ত চিন্তা-চৰ্চা কৰা হ’ব’।

আনহাতে ৰাজ্যৰ শিক্ষক সমাজলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনাই কয়—‘আপোনালোকক চৰকাৰে বহুত সুবিধা দিছে। আপোনালোকে বিদেশ ভ্ৰমণৰ চুটি লয়। বিদেশলৈ যাব বিচাৰে যাওক, অৱসৰ বিনোদন কৰক। কিন্তু আমাক এটা প্ৰতিশ্ৰুতি দিয়ক, যাতে বিদেশৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে জানি আহি ইয়াত কেনেকৈ ছাত্ৰ- ছাত্ৰীক পঢ়ুৱাব পাৰি তাৰ চিন্তা কৰে’।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd