অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ড বিধানলভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি দ্বিতীয় দিনা কোনোৱে মনোনয়ন দাখিল কৰা নাই। ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে।
নাগালেণ্ডৰ মুখ্য সচিব পংকজ কুমাৰে বুধবাৰে ৰাজ্য বিধানসভাৰ বাবে গেজেট নটিফিকেশ্যন জাৰি কৰিছে।
নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই কৈছিল যে মনোনয়নসমূহ গেজেট নটিফিকেশ্যন প্ৰকাশৰ পিছতেই দাখিল কৰিব লাগিব।
তদুপৰি ৰাজ্য চৰকাৰে এক জাননী যোগে সকলো চৰকাৰী বিষয়া তথা নাগালেণ্ড আৰক্ষীৰ ডিজিপিৰ পৰা আৰম্ভ কৰি গৃহৰক্ষীকে ধৰি কনিষ্টবললৈকে নিৰ্বাচনৰ বাবে জাননী জাৰি কৰা তাৰিখৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে বিধি অনুযায়ী নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ দিছে।
জাননীখনত নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ আইনী বিষয়াৰ দ্বাৰা দায়িত্বপ্ৰাপ্ত বিষয়াসকলে তথা আৰক্ষীৰ লোকসকলে নিৰ্বাচন সম্পৰ্কীয় কামসমূহৰ বাবে সম্পূৰ্ণ সাজু থাকিব লাগিব আৰু তেওঁলোকৰ হেমাহিৰ বাবে হোৱা যিকোনো কাৰ্যৰ বাবে আয়োগৰ ওচৰত জবাবদিহি হ’ব লাগিব।