দ্বিতীয় বাৰৰ বাবে সভাপতি নিৰ্বাচিত হোবা ৰিপুন বৰাক সম্বৰ্ধনা প্ৰদেশ কংগ্ৰেছৰ

RipunBora

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে তথা অসম প্ৰদেশ কংগ্ৰেছৰ স্থায়ী সভাপতি নিৰ্বাচিত হোৱা ৰিপুন বৰাক আজি সম্বৰ্ধনা জনায় প্ৰদেশ কংগ্ৰেছৰ কৰ্মী-বিষয়ববীয়াসকলে। উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ বৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত হয়। ৰাজীৱ ভৱনত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল প্ৰাক্তন মন্ত্ৰী ভূমিধৰ বৰ্মন, দ্বিজেন শৰ্মা, প্ৰদ্যুৎ বৰদলৈ, দুলু আহমেদ, দুৰ্লভ চমুৱাকে ধৰি কংগ্ৰেছ দলটোৰ ভালেকেইজন নেতা। তাৰোপৰি ভালেমান দলীয় কৰ্মীৰ লগতে সাংবাদিক অনুষ্ঠানটোত উপস্থিত আছিল।

উল্লেখযোগ্য যে কালি কংগ্ৰেছ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে আটাইকেইখন ৰাজ্যৰ ৰাজ্যিক, আঞ্চলিক শাখাবোৰৰ বৰ্তমানৰ সভাপতিসকল তেওঁলোকৰ পদত বাহাল থাকিব বুলি নিশ্চিত কৰাৰ পিছতে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জনাৰ্দন দ্বিবেদীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে সিদ্ধান্তটো ৰাজহুৱা কৰিছিল। ফলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুন বৰাই থকাটো নিশ্চিত হৈছিল।

আনহাতে media parivar নামৰ ৱেবছাইটটোৰ এই সম্পৰ্কীয় টুইটৰ প্ৰত্যুত্তৰত নিজৰ এটা টুইটত ৰিপুণ বৰাই তেওঁ সভাপতি হিচাপে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত সমগ্ৰ কংগ্ৰেছ পৰিয়ালৰ সমৰ্থনৰ বাবে বাট চাই থকা বুলি কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে আজিৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ মুষ্টিমেয় নেতাৰহে উপস্থিতি দেখা গ’ল। জ্যেষ্ঠ নেতা ৰকিবুল হুচেইন, দেৱব্ৰত শইকীয়া, ভুৱনেশ্বৰ কলিতা আদিৰ অনুপস্থিতিৰ লগতে প্ৰদেশ যুৱ কংগ্ৰেছ তথা এন এছ য়ু আইৰো বিষয়ববীয়াক দেখা নগ’ল।