দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য মহোৎসৱ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

প্ৰতিনিধিত্বমূলক ফটো

‘সাহিত্যই হৈছে জ্ঞানৰ প্ৰকাশ আৰু সভ্যতাৰ আধাৰ। সাহিত্যই সমাজ এখনৰ পৰিচয় বহন কৰে। সাহিত্যই সমাজ এখনৰ সৱলতা আৰু দুৰ্বলতা প্ৰকাশ কৰে। সাহিত্যই সাধাৰণ মানুহৰ পৰা সমাজ জীৱনৰ বাবে অসাধাৰণত্বৰ কলা আৱিষ্কাৰ কৰিব পাৰে আৰু মানুহক আগুৱাই যোৱাৰ বাবে অফুৰন্ত প্ৰেৰণা যোগায়।’ আজি শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজিত দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ এক উৎসৱে নহয় বুলি উল্লেখ কৰি ইয়ে শক্তিশালী ভৱিষ্যৎ নিৰ্মাণৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়। লগতে তেওঁ কয় যে ফ্ৰান্স, মেক্সিক’, শ্ৰীলংকা, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছুইডেন, বাংলাদেশ, নেপালকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যিক সকলৰ মিলনস্থলীলৈ ৰূপান্তৰিত হোৱা এই মহোৎসৱে সাহিত্যৰ বিকাশৰ জৰিয়তে সামাজিক বিকাশৰ এক বাতাবৰণো সূচনা কৰিব।

আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট পণ্ডিত ইন্দ্ৰনাথ চৌধুৰী, নেশ্যনেল বুক ট্ৰাষ্ট অব ইণ্ডিয়াৰ অধ্যক্ষ বলদেব ভাই শৰ্মাই ঐতিহ্য, পৰম্পৰা, মূল্যবোধ আৰু সমাজ জীৱনক আধাৰ হিচাপে সাহিত্যই মানৱ জাতিক দিয়া প্ৰেৰণাৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে।

নেশ্যনেল বুক ট্ৰাষ্ট অব ইণ্ডিয়াৰ সঞ্চালক ৰীতা চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, ফ্ৰান্সৰ বিশিষ্ট সাহিত্যিক ডেভিদ কলিং, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলাল, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব অজয় তিৱাৰী, অসম প্ৰকাশ পৰিষদৰ সচিব প্ৰমোদ কলিতাকে ধৰি বহু গণ্য-মান্য সাহিত্যিক উপস্থিত আছিল।