দ্রাগছ সৰবৰাহ : ষ্টেশ্যনত মহানগৰ আৰক্ষীৰ সৈতে জিআৰপিয়ে ৰাখিব চোকা দৃষ্টি

গুৱাহাটী ৰে'ল ষ্টেশ্যন

গুৱাহাটী আৰু কামাখ্যা ষ্টেশ্যনত দ্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ অসম আৰক্ষীৰ সৈতে সহযোগ কৰিব গুৱাহাটীৰ গভ্মেন্ট ৰে’লৱে পুলিচ (জিআৰপি)য়ে।

‘’বিগত এবছৰত প্ৰধানকৈ গুৱাহাটী ৰে’ল ষ্টেশ্যনত বহুত অবৈধ দ্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে। সেয়ে আমি মানৱ সৰবৰাহকে ধৰি এনেধৰণৰ অবৈধ ব্যৱসায়ৰ ওপৰত অধিক সতৰ্ক দৃষ্টি ৰখাৰ পৰিকল্পনা কৰিছো,’’- জিআৰপি নতুনকৈ নিযুক্ত অধীক্ষক মৃদুলানন্দ দাসৰ উদ্ধৃতিৰে দ্য টেলিগ্ৰাফে এই বাতৰি পৰিৱেশন কৰিছে।

দাসে কয় যে তেওঁ ইতিমধ্যে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হীৰেণ চন্দৰ নাথৰ সৈতে আলোচনা কৰিছে আৰু শীঘ্ৰেই অসম আৰক্ষী আৰু জিআৰপিৰ এটা দলে তহল দিয়া কাম আৰম্ভ কৰিব।

‘’আমি লগতে আমাৰ বাহিনীটোক সা-সৰঞ্জামেৰে অধিক সজ্জিত কৰি তোলাৰ পৰিকল্পনা কৰিছো। ইয়াৰ বাবে ষ্টেশ্যনৰ চৌহদৰ বিভিন্ন প্ৰৱেশ তথা প্ৰস্থানৰ স্থানবোৰত অধিক স্কেনাৰ আৰু এক্স-ৰে মেচিন স্থাপন কৰা হ’ব। আমি লগতে ষ্টেশ্যনৰ বিভিন্ন দিশত অধিক ক্ল’জ শ্বাৰ্কিট কেমেৰা স্থাপন কৰিম,’’-দাসে জানিবলৈ দিয়ে।

দাসে জনায় যে ষ্টেশ্যনত প্ৰৱেশ কৰা সকলো টালি-টোপোলাৰ ওপৰত চোকা নজৰ ৰখা হ’ব।

জিআৰপিৰ এক সূত্ৰই জনোৱা মতে তেওঁলোকে ২০১৬ তকৈ ২০১৭ত অধিক চোৰাং সোণ জব্দ কৰিছিল।

এগৰাকী আৰক্ষী বিষয়াই কয় যে বিগত কেইবছৰত গাঞ্জা আৰু অন্যান্য ঔষধীয় দ্ৰাগছৰ চোৰাং সৰবৰাহ বৃদ্ধি পাইছে আৰু গুৱাহাটী ৰে’ল ষ্টেশ্যন হৈছে ইয়াৰ এক প্ৰধান আদান প্ৰদানৰ কেন্দ্ৰ।