দ্ৰুতবেগী বাহনৰদ্বাৰা বন্য জীৱৰ মৃত্যুৰ ঘটনা ৰোধৰ বাবে মুকলি হ’ল এপ

ৱাইল্ডলাইফ কনজাৰৱে’শ্বন ট্ৰাস্তে দ্ৰুতবেগী যান-বাহনে বন্য জীৱ-জন্তুৰ প্ৰাণ কাঢ়ি নিয়া ঘটনা ৰোধ কৰাৰ বাবে এটা এপ মুকলি কৰিছে।

অসমৰ বালিপাৰাৰ ওচৰত এখন ৰে’লে যোৱা ১৭ ডিচেম্বৰত এজনী গৰ্ভৱতী হাতীকে ধৰি ৫ টা হাতী খুন্দিয়াই হত্যা কৰাৰ পিছতেই এই এপটো মুকলি কৰা হৈছিল।

এপতো মুকলি কৰা ৱাইল্ডলাইফ কনজাৰৱে’শ্বন ট্ৰাস্ত এটা সংগঠন। যোৱা ২১ ডিচেম্বৰত এই এপটো মুকলি কৰা হয়। এপটোৰ মূল বৈশিষ্ট্য হ’ল এই এপটোৰ জৰিয়তে পথ বা ৰে’ল পথত পৰি থকা মৃত জন্তুৰ ফটো মানুহে আপল’ড কৰিব পাৰিব আৰু সেই বিশেষ ঠাইডোখৰৰ অৱস্থানো তাত সংযোগ কৰি দিব পাৰিব।

ইয়াৰ ফলত বন্যপ্ৰাণী সংৰক্ষক সকলে বন্যপ্ৰাণী আহযাহ কৰা সংবেদনশীল বাটসমূহ চিনাক্ত কৰিব পাৰিব আৰু দুৰ্ঘটনা ৰোধৰ ব্যৱস্থা কৰিব পাৰিব। তাৰোপৰি এই এপৰ যোগেদি চৰকাৰে কাম-কাজ নিৰীক্ষণ কৰিব পাৰিব আৰু এনে অঞ্চলসমূহলৈ অহা প্ৰাণীসমূহৰ আহ-যাহত বাধা নহ’বৰ বাবে মূল পথৰ ওপৰেৰে বা তলেৰে বিকল্প পথ সাজিব পাৰিব।

এপটোৰ নিৰ্মাতাসকলৰ সুদীৰ্ঘ লক্ষ্য যদিও তথ্যসমূহ ব্যৱহাৰ কৰা আৰু পথ-মৃত্যুৰ সংখ্যা হ্ৰাস কৰা, তথাপি ব্যৱহাৰকাৰীৰ সংখ্যা বঢ়োৱা আৰু ব্যৱহাৰকাৰীসকলক জড়িত কৰি ৰখাটোতে বৰ্তমান গুৰুত্ব দিয়া হৈছে। দলটোৰ এজন সদস্যই কয়, ‘তেতিয়াহে তথ্য গোট খোৱাটো আৰম্ভ হ’ব আৰু সমস্যাটোৰ সমাধানৰ বাবে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।’