NORTHEAST NOW (Assamese)

দ্ৰোণাচাৰ্য কণিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত যোগ্যতা সন্ধানী পৰীক্ষাৰ ফলাফল ঘোষণা

May 23, 2018 4:52 pm · এন ই নাও নিউজ

নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান দ্ৰোণাচাৰ্য কণিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগ্যতা সন্ধানী পৰীক্ষা-২০১৮’ ৰ ফলাফল মঙলবাৰে ঘোষণা কৰা হয়।

উল্লেখ্য যে, যোৱা ১৩ মে’ত অনুষ্ঠিত হোৱা যোগ্যতা সন্ধানী পৰীক্ষাৰ ঘোষিত ফলাফল অনুসৰি প্ৰথম স্থান লাভ কৰে ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ দীপ শইকীয়া, দ্বিতীয় স্থান লাভ কৰে শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী কৃষ্টিৰূপা বৰা আৰু তৃতীয় স্থান লাভ কৰে দ্ৰোণাচাৰ্য মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী চাবিনা চুলতানা আহমেদে।

দশম আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। উদ্যোক্তাই অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰীৰ লগতে বিজয়ী তিনিওগৰাকী শিক্ষাৰ্থীক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে।

দশম শ্ৰেণী তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা জীৱনৰ এটা নতুন স্তৰলৈ গন্তব্য কৰাৰ প্ৰাক্ মুহূৰ্তত তেওঁলোকৰ যোগ্যতা সম্পৰ্কে সজাগ কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই যোগ্যতা সন্ধানী পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক হাৰত কৰা অংশগ্ৰহণ এক ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।

Related News