দৰং আৰক্ষীৰ অভিযানত আটক দুৰ্ধৰ্ষ ৫ জনীয়া ডকাইতৰ দল; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

দৰং আৰক্ষীয়ে মঙলবাৰে নিশা আৰু বুধবাৰে পৃথক পৃথক স্থানৰ পৰা অভিযান চলাই এটা কুখ্যাত ডকাইতৰ দলক আটক কৰাৰ লগতে এক বৃহৎ ভাণ্ডাৰৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। আটাকাধীন ডকাইতৰ দলটো  পবিতৰা অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ চোৰাংচিকাৰত জড়িত।

প্ৰথম অৱস্থাত দৰং আৰক্ষীয়ে দলগাঁও আৰক্ষী চকীৰ অধীনৰ বেছামাৰীৰ ‘জয় মাতাজী’ নামৰ এখন হোটেলৰ পৰা অভিযান চলাই ডকাইতৰ দলটোৰ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়। লগতে দলটোৰপৰা আৰক্ষীয়ে এটা পিষ্টল, তিনিখন ডেগাৰ আৰু পাঁচ জাঁই গুলী উদ্ধাৰ কৰে।

ধৃত ৩ জনক ক্ৰমে মঙলদৈ আৰক্ষী চকীৰ অধীনৰ ধনশিৰিগ্ৰামৰ নিৱাসী ছাবেদ আলী, ধুলা আৰক্ষী চকীৰ অধীনৰ ধনশিৰিকাষৰ নিৱাসী ফৰজ আলী আৰু মাগুৰিমাৰীৰ আৰিফুদ্দিন বুলি চিনাক্ত কৰা হৈছে।

আনহাতে ধৃত চাবেদ আলীৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি আজি পুনৰ দৰং আৰক্ষীয়ে এক অভিযান চলাই মঙলদৈ আৰক্ষী চকীৰ অধীনৰ নাগিলচৰৰ পৰা চাহেব আলী নামৰ আন এজনক আটক কৰে। লগতে ধৃত ডকাইতৰ দলটোক নেতৃত্ব প্ৰদান কৰা ধুলা আৰক্ষী চকীৰ অধীনৰ বৰঝাৰ গাঁৱৰ নিৱাসী কাছেম আলীৰ পুত্ৰ ছাহজাহান আলীকো আটক কৰে। এই কথা আজি আয়োজিত এক সংবাদমেলত দৰং জিলাৰ আৰক্ষী অধীক্ষকে সদৰী কৰে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে আৰক্ষীয়ে তেওঁলোকৰ অভিযানত এটা মেগজিনৰ সৈতে এটা ৭.৬৫ এম এম পিষ্টল, ৬ ৰাউণ্ড সজীৱ গুলী, কেইবাখনো খুকুৰী, .৩০৩ ৰাইফলৰ কেইবাজাঁই সক্ৰিয় গুলীৰ লগতে আৰু বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

ইফালে ধৃত ডকাইতকেইজনে আৰক্ষীৰ জেৰাত চোৰাংচিকাৰ আৰু বেছামাৰী অঞ্চৰ ডাকইতি কাৰ্যৰ লগত জড়িত থকা বুলি স্বীকাৰ কৰিছে।