দৰং জিলাৰ ধুলাত বৃহৎ পৰিমাণৰ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

Truck-2-570x320

কালি দৰং জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হোৱা এখন ট্ৰাকৰ পৰা ধুলা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা উক্ত কাঠখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ধুলাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এন এল ০৩-এ-৪৪৭০ নম্বৰৰ কাঠ ভৰ্তি ট্ৰাকখনক এখন তীব্ৰ বেগী ট্ৰাকে খুণ্ডিয়াই থৈ গৈছিল। পিছত ক্ষতিগ্ৰস্ত ট্ৰাকখনৰ পৰা আৰক্ষী উক্ত চোৰাং কাঠসমূহ উদ্ধাৰ কৰে।

অৱশ্য আৰক্ষীয়ে চোৰাং কাঠৰ সৈতে ট্ৰাকখনক জব্দ কৰে যদিও ট্ৰাকখনৰ চাকল আৰু হেণ্ডিমেন দুৰ্ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

পিছত ধুলা আৰক্ষীয়ে উদ্ধাৰ কৰা কাঠখিনি বন বিভাগৰ হাতত চমজাই দিয়ে।

উল্লেখযোগ্য যে ভাৰত-ভুটান সীমান্তত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অবিৰতভাৱে চলাই অহা অভিযানৰ অংশ হিচাপে ইয়াৰ পূৰ্বেও ৩৭ নং সশস্ত্ৰ সীমা বল (এছ এছ বি) এ যোৱা ২ এপ্ৰিলত ওদালগুৰিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিছিল।