দৰং জিলাৰ ধুলা আৰক্ষী থানাত সংঘটিত ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

মুখ্য মন্ত্ৰী

এন ই নাওলৈ মুখ্য মন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে এই মাত্ৰ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তা অনুসৰি জানিব পৰা মতে দৰং জিলাৰ ধুলা আৰক্ষী থানাত সংঘটিত ঘটনা সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ

 

সোণোৱালে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। মুখ্য মন্ত্ৰীয়ে অতিৰিক্ত মুখ্য সচিব এম জি কে ভানুক সমগ্ৰ ঘটনাৰাজি তদন্ত কৰি শীঘ্ৰে প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে দৰং আৰক্ষীৰ জিম্মাত এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি জিলাখনৰ ধুলা থানাত আজি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে এটা গোচৰত কালি আটক কৰি অনা ধুলাৰ বাসিন্দা হাছান আলীৰ ৰাতি আৰক্ষীৰ উপৰ্যুপৰি নিৰ্য্যাতনৰ ফলত গুৰুতৰভাৱে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক আজি জি এম চি এইচ্ছলৈ অনাৰ পিছতে মৃত্যু হৈছিল।

ইয়াৰ পিছতে ধুলা আৰক্ষী থানা ঘেৰাও কৰা উত্তেজিত ৰাইজে আৰক্ষীলৈ শিলগুটি দলিওৱাৰ লগতে, যান-বাহনৰ ক্ষতি সাধন কৰিছিল।

প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলীচালনাত ময়িদুল ইচলাম (২০) নামৰ এজন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল।

ইতিমধ্যে ঘটনাটো সন্দৰ্ভত দৰঙৰ উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিছিল আৰু থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনক নিলম্বিত কৰা হৈছিল।