দৰং মহাবিদ্যালয়ৰ দুজনকৈ কীৰ্তিমানে উজলালে শোনিতপুৰ নাম

বাণিজ্য শাখাত চতুৰ্থ স্থানপ্ৰাপক সাক্ষী সিং

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিজ্ঞান শাখাত মৃণালজ্যোতি পৌড়েল তৃতীয় আৰু বাণিজ্য শাখাত সাক্ষী সিঙে চতুৰ্থ স্থান লাভ কৰি সমগ্ৰ ৰাজ্যৰ লগতে দৰং মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

তেজপুৰৰ হজৰাপাৰৰ মৃণালজ্যোতিৰ পিতৃ ড° ভেষৰাজ পৌড়েল পেচাত দৰং মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল যদিও প্ৰায় দুবছৰৰ পূৰ্বে ৰহস্যজনকভাৱে সন্ধানহীন হয়৷ তাৰ পাছতে মাতৃ নিৰ্মলা দেৱীয়ে যত্ন লয় পুত্ৰ মৃণালৰ পঢ়া-শুনাত৷ কেৱল পদাৰ্থ বিজ্ঞান বিষয়তহে ঘৰুৱা শিক্ষকৰ সহায় লৈছিল এই গৰাকী কৃতী ছাত্ৰই৷ ভৱিষ্যতে পদাৰ্থ বিজ্ঞান বিষয়ত গৱেষণা কৰাৰ মন বান্ধিছে এই গৰাকী কৃতীমানৰ।

বিজ্ঞান শাখাত তৃতীয় স্থানপ্ৰাপক মৃণালজ্যোতি পৌড়েল

আনহাতে দৰং মহাবিদ্যালয়ৰ ছাত্ৰী সাক্ষী সিঙে বাণিজ্য শাখাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পিতৃ শংকৰ প্ৰসাদ সিং ডাক বিভাগৰ এগৰাকী কৰ্মচাৰী হেতু ডাক বিভাগৰ কোৱাৰ্টাৰতে থাকে এই গৰাকী ছাত্ৰী৷ তেওঁৰ মাতৃৰ নাম মাতৃ ৰেণু সিং৷ গান শুনি, টিভিত কাৰ্টুন চাই ভাল পোৱা সাক্ষীয়ে নিতৌ ১৪/১৫ ঘন্টা পঢ়া-শুনা কৰিছিল৷ আটাইবোৰ বিষয়তে ঘৰুৱা শিক্ষকৰ সহায় লোৱা ছাত্ৰী গৰাকীয়ে ভৱিষ্যত পৰিকল্পনা এই মুহুৰ্তত ঠিৰাং কৰা নাই যদিও সদ্যহতে দৰং মহাবিদ্যালয়তে স্নাতকত নাম ভৰ্তি কৰিব৷ সাক্ষীৰ সাফল্যত স্বাভাৱিকতে সুখী অভিভাৱক তথা পিতৃৰ সতীৰ্থ কৰ্মচাৰী৷