NORTHEAST NOW (Assamese)

দৰঙত দুজন ডকাইতক গ্ৰেপ্তাৰ

December 14, 2017 3:06 pm · ময়ুখ গোস্বামী
Updated: December 14, 2017 3:07 pm

আজি পুৱা দৰং জিলাত দলগাঁৱৰ আৰক্ষীয়ে দুজনকৈ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে। আটকাধীন ডকাইত দুজনৰ পৰা এটা হস্তনিৰ্মিত ৰাইফল উদ্ধাৰ কৰা হয়। প্ৰাপ্ত তথ্য মতে আজি পুৱাতি নিশাৰ ভাগত আৰক্ষী বাহিনীৰ দলে এক গোপন সূত্ৰৰ পম খেদি  ৰউতা থানাৰ মহিলাপাৰা গাঁৱৰ পৰা অজিত সিংহা  নামৰ দুৰ্ধৰ্ষ ডকাইতজনক আটক কৰি ডকাইতজনৰ পৰা হস্ত নিৰ্মিত ৰাইফল উদ্ধাৰ কৰে। আনহাতে  ২ নং চিকানমাটি গাঁৱৰ পৰা ছাদেক আলী নামৰ আনজন দুৰ্ধৰ্ষ ডকাইতক আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে আজি বহু দিনৰ পৰাই উক্ত দুইজন ডকাইতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কাণ্ডৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। স্থানীয় ৰাইজে আৰক্ষীয়ে ডকাইত দুজনক গ্ৰেপ্তাৰ কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে।

Related News