দৰমহাৰ মুখ নেদেখাকৈ ৰাজ্যত পুনৰ চিকিৎসাৰ অভাৱত শিক্ষকৰ মৃত্যু

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনভাৰ লোৱা সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দুবছৰ অতিক্ৰম কৰিলে যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত চূড়ান্ত প্ৰতাৰণাৰ সন্মুখীন হোৱা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনলৈ নাহিল কোনো পৰিৱৰ্তন। ফলত আজি বাক্সা জিলাৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ এগৰাকী শিক্ষকে উন্নত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে ২১ বছৰে অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানত শিক্ষকতা কৰি দৰমহাৰ মুখ নেদেখাকৈ মৃত্যুক আঁকোৱালি লোৱা শিক্ষক গৰাকী বাক্সা জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দেউলকুছি আদৰ্শ এম ই স্কুলৰ সহকাৰী শিক্ষক মোহন চন্দ্ৰ দাস (৫০)।

জানিব পৰা মতে বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত শিক্ষক গৰাকীয়ে অৰ্থৰ অভাৱত উন্নত চিকিৎসা গ্ৰহণ কৰিব পৰা নাছিল। কালি দিনৰ ভাগত শিক্ষকগৰাকীৰ শাৰীৰিক অৱস্থা অধিক শোচনীয় হৈ পৰাত ওচৰ-চুবুৰীয়াই শিক্ষক গৰাকীক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় যদিও আজি পুৱা প্ৰায় পাঁচ বজাত শিক্ষকগৰাকীৰ মৃত্যু হয়।

আনহাতে শিক্ষক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ‘সদৌ অসম যোগ্য আৰু বাছনিকৃত শিক্ষক-অনাশিক্ষক সংস্থা’ নামৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ সংগঠনটোৱে।

সংগঠনটোৰ সভাপতি আব্দুল হামিদ শিকদাৰ, উপ-সভাপতি ধৰ্মেশ্বৰ বড়ো, সম্পাদক চফিকুল ইছলাম ভুট্টু আৰু প্ৰচাৰ সম্পাদক পুলেন্দ্ৰ দাসে এক বিবৃতিত কয় যে, ‘বৰ্তমানৰ চৰকাৰখনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক সকাহ দিয়াৰ পৰিৱৰ্তে মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দিছে। চৰকাৰখনৰ এনে কাম-কাজৰ বাবে বিগত দুটা বৰ্ষত কেবাগৰাকী শিক্ষক-কৰ্মচাৰীয়ে দৰমহাৰ মুখ নেদেখাকৈ অৱসৰ গ্ৰহণ কৰাৰ লগতে মৃত্যুক আঁকোৱালি ল’বলৈ বাধ্য হৈছে।’

তাৰোপৰি সংগঠনটোৱে কয় যে, ‘অইন দেশৰ লোকক সংস্থাপনৰ বাবে তৎপৰ হোৱা চৰকাৰখনে দেশৰ প্ৰকৃত লোকক সংস্থাপন কৰাৰ কথা পাহৰি গৈছে। নিজ ৰাজ্যত কৰ্মৰ নিশ্চয়তা নথকা শিক্ষক-কৰ্মচাৰীসকলৰ কৰ্মৰ নিশ্চয়তা প্ৰদান কৰিবলৈ চৰকাৰখনে যি ধৰণে কাম-কাজ কৰিব লাগিছিল সেয়া নকৰি চৰকাৰখনে দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীসকলৰ পদসমূহ বিলুপ্তি কৰাৰ বাবে উঠি-পৰি লগা বুলিও বিবৃতিটোত জনায়।

আনহাতে দুৰ্ভগীয়া মোহন চন্দ্ৰ দাসৰ পৰিয়ালবৰ্গলৈ চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় সংগঠনটোৱে।

উল্লেখযোগ্য যে বিগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতিখন নিৰ্বাচনী সভাত বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল যে বিজেপি দলে শাসনলৈ আহিলে ৪৫ দিনৰ ভিতৰত প্ৰাদেশীকৰণৰ সমস্যা সমাধান কৰিব। কিন্তু শাসনলৈ অহাৰ পিছত বিজেপি দলৰ ভুৱা প্ৰতিশ্ৰুতিৰ কুফল ভূগিছে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰা শিক্ষক-কৰ্মচাৰীসকলে।