NORTHEAST NOW (Assamese)

মিজোৰামত ‘ধঁপাতবিহীন মাহ’ৰ শুভাৰম্ভ মুখ্য মন্ত্ৰী লাল থানহাওলাৰ

May 2, 2018 10:44 am · এন ই নাও নিউজ
ভাষণৰত অৱস্থাত মুখ্য মন্ত্ৰী লাল থানহাওলা

মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলাই মঙলবাৰে ৰাজ্যখনত ‘বিশ্ব ধঁপাতবিহীন মাহ’ৰ শুভাৰম্ভণি কৰাৰ উপৰি ‘ধঁপাতমুক্ত ক্ৰীড়া’ শীৰ্ষক এক কাৰ্যসূচীও আৰম্ভ কৰে। আইজলস্থিত মুখ্য মন্ত্ৰী কাৰ্যালয়ত আৰম্ভ কৰা এই কাৰ্যসূচীত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কাৰ্যসূচীৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়— ‘নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱাৰ অৱহেলাই হৈছে মিজো ক্ৰীড়াবিদ সকলৰ উন্নতিৰ ক্ষেত্ৰত প্ৰধান হেঙাৰ।সেয়েহে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱাটো প্ৰয়োজনীয়’।

আনহাতে একেটা প্ৰসংগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ‘ধঁপাতমুক্ত ক্ৰীড়া’ কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়াসৰ বাবে আয়োজক সকলৰ শলাগ লয়।ইয়াৰ জৰিয়তে মিজো সমাজৰ লোক সকলৰ মাজলৈ এক ইতিবাচক বাৰ্তা যোৱাৰ উপৰি ৰাজ্যখনত ধঁপাত সেৱণ কৰা লোকৰ সংখ্যাও হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে।এইক্ষেত্ৰত মিজো ক্ৰীড়াবিদ সকলক আদৰ্শ দেখুৱাবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰী লাল থানহাওলাই।

অনুষ্ঠানটোত ইণ্ডিয়ান ছ’চাইটি অন টবাক’ এণ্ড হেল্থ, মিজোৰামৰ সভাপতি লাল ৰিলানি, ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক নডেল বিষয়া ড০ জেনি আৰ ৰাল্টে উপস্থিত থাকি কাৰ্যসূচীৰ তাৎপৰ্য বাখ্যা কৰে।

উল্লেখযোগ্য যে মিজোৰামৰ ৰাজ্যিক অলিম্পিক সংস্থা, ইণ্ডিয়ান ছ’চাইটি অন টবাক’ এণ্ড হেল্থে ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ সহযোগিতাত অনুষ্ঠানটোৰ আয়োজন কৰিছিল।

 

Related News