• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ গুৰুত্বপূৰ্ণ পৰ্য্যটন ক্ষেত্ৰ আৰু ঐতিহ্য ক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ কৌশলত তীব্ৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 2, 2018 10:09 am
SivasagarMonuments
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে adopt a heritage নামৰ আঁচনিৰ অধীনত ‘চোৱাচিতা’ৰ নামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰংঘৰ, কাৰেংঘৰ ব্যক্তিগতখণ্ডক গতোৱাৰ দিহা কৰা বুলি ওলোৱা খবৰে তীব্ৰ প্ৰতিক্ৰিয়া হৈছে অসমত। খবৰটো সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই যদিও বিভিন্ন পক্ষই এই বিষয়টোত চৰকাৰক সকীয়াই দিছে। আনহাতে ছ’চিয়েল মিডিয়াতো এই প্ৰতিক্ৰিয়াৰ তীব্ৰ ৰূপ দেখা গৈছে।

উল্লেখযোগ্য যে ১ মে’ৰ প্ৰায়বোৰ খবৰ কাগজত অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু মূল্যৱান ঐতিহ্যক্ষেত্ৰ ৰংঘৰ, কাৰেংঘৰক ব্যক্তিগতখণ্ডক গতোৱা হ’ব বুলি বাতৰি প্ৰকাশ হৈছিল। এই বাতৰি বিয়পি পৰাৰ পিছত সমগ্ৰ ৰাজ্যখনতে ইয়াৰ অগ্নিস্ফূলিংগ সদৃশ প্ৰতিক্ৰিয়া দেখা গৈছে।

Apply Now

আনহাতে বিষয়টোৰ গুৰুত্বলৈ চাই নৰ্থ-ইষ্ট নাও-এ চৰকাৰী পক্ষৰ লগতে বিভিন্ন ব্যক্তি-সংগঠনৰো প্ৰতিক্ৰিয়া লৈছিল।

বিষয়টো সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱা (অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ) :

কেন্দ্ৰীয় চৰকাৰৰ adopt a heritage নামৰ এখন আঁচনি আছে, ইয়াৰ অধীনত চি দায়িত্ব লোৱা পক্ষই এছ আৰ ফাণ্ডত ঐতিহ্যক্ষেত্ৰবোৰৰ ডেভেলপ কৰিব। ইয়াত কোনো ব্যক্তিগতখণ্ডৰ কথা নাহে। সমাজ সেৱামূলকভাৱে তেওঁলোকে কামবোৰ কৰিব লাগিব। তাত কোনো ব্যৱসায়ৰ কথা আহি নপৰে। তেওঁলোকে হেৰিটেইজ ছাইটত টয়লেট বনোৱা, পাৰ্কিং এৰিয়া বনোৱা এইবিলাক কাম কৰিব লাগিব। এইটো তেওঁলোকৰ সেৱামূলক কামহে। অসমত কোনো কোম্পানী আগ্ৰহী হোৱা নাই। অসমত প্ৰথমতে মাতোতে কোনো আগ্ৰহী হোৱা নাছিল।এতিয়া য’ত ত’ত দুই এটা ওলাব পাৰে, কিন্তু কনফাৰ্ম্ড হোৱা নাই।

কেন্দ্ৰীয় চৰকাৰে কোম্পানিসমূহক ছ’চিয়েল ৰেছপনচিবিলিটিৰ কাৰণে এইটো কৰিবলৈ কৈছে। অইল, অ’ এন জি চি, এইবিলাক কোম্পানীয়ে গাওঁবিলাকত খোৱা পানীৰ যোগান ধৰা, অমুক তমুক কাম কৰিছে। সেইদৰে এই কোম্পানিসমূহেও নিজৰ টকা খৰচ কৰি হেৰিটেইজ এৰিয়াবোৰত উন্নয়নমূলক কাম কৰিব।

বিষয়টো সন্দৰ্ভত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ওপৰত দিয়া মন্তব্যৰ বিপৰীতে ৰাজ্যৰ বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ নেতাই এই কাৰ্য্যত ষড়যন্ত্ৰ গোন্ধ পাইছে আৰু  চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে-

ড০ হীৰেন গোহাঁই (বিশিষ্ট বুদ্ধিজীৱী) : এইটো হৈছে এডেও দুডেও লোটা নিয়াৰ ছেও

চৰকাৰৰ ফালৰ পৰা কোম্পানিসমূহৰ সেৱামূলক কাৰ্য্যৰ কথাহে কোৱা হৈছে। কিন্তু তেওঁলোকে আৰু কি কি সুবিধা পাব সেই সম্পৰ্কে একো কোৱা হোৱা নাই। তদুপৰি পৰ্য্যটন ক্ষেত্ৰৰ পৰা অসমৰ যিখিনি আয় হ’ব তাৰ সৰহভাগ এওঁলোকে এতিয়া লুটি লৈ যাব।

সাধাৰণতে দেখা যায়, এই চৰকাৰে পৰ্য্যায়ক্ৰমে এটা সম্পদৰ সকলোখিনি মূল্য ব্যক্তিগত প্ৰতিষ্ঠানলৈ গতাই দিয়াৰ কথা উল্লেখ কৰে। দেখা যায় যে বিজেপি চৰকাৰে কোনো এক প্ৰতিষ্ঠান বা সম্পদৰ অধিকাৰ পৰ্য্যায়ক্ৰমে ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতলৈ লৈ গৈ থাকে। আগতেতো তৈলক্ষেত্ৰ নিলেই। গতিকে, আমাৰ নিশ্চিত ধাৰণা এই সকলোবোৰৰ দ্বায়িত্ব চৰকাৰে এৰি দি ক্ৰমে ব্যক্তিগত প্ৰতিষ্ঠানক লুটপাত চলাবলৈ এৰি দিব।

লালকিল্লাক ব্যক্তিগত খণ্ডলৈ দিয়া হোৱাটো জঘন্য কাৰবাৰ। জঘন্য কাৰবাৰ এইকাৰণেই যে তাত স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। সেইবিলাক পৱিত্ৰ ঠাই। আজাদ হিন্দ ফৌজৰ যেতিয়া বিচাৰ হৈছিল, জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ কাৰণে বেৰিষ্টাৰৰ কোট পিন্ধি উকালতি কৰিছিল। সেইবিলাক সম্পদকো তেওঁলোকে ব্যৱসায়ীৰ হাতত এৰি দিছে।

অসমৰ ক্ষেত্ৰত অন্য এটা কথা আছে, জাতীয় চেতনা যিবোৰ আছে, সেইবোৰৰ সৈতে জড়িত। ভালকৈ চলালে নিশ্চয় আয় হ’ব। আয় হওক বা নহওক, এইটোক সংৰক্ষণ কৰাটো আমাৰ জাতীয় দ্বায়িত্ব। পৃথিৱীৰ কোনো সভ্য দেশতে এনেকুৱা ঘটনা নহয়। এইটো এটা জনবিৰোধী, দেশদ্ৰোহী কাৰবাৰ। অসম চৰকাৰে তাৰ বিৰোধিতা কৰিব লাগে। আৰু অগপ দলে যদি এইটো প্ৰত্যাহাৰ নকৰে, তৎক্ষণাত মিত্ৰজোঁটৰ পৰা পদত্যাগ কৰিব লাগে।

এইটো হৈছে এডেও দেডেও লোটা নিবৰ ছেও -অসমীয়াত এইষাৰ কথা আছে। গোটেই অসমখনকে বিক্ৰী কৰিব ওলাইছে। ক’ৰ্প’ৰেট ছ’চিয়েল ৰেচপনচিবিলিটিৰ নাম লৈ এইটো এটা ধৌকাবাজি, এইটো এটা মিছা শ্ল’গান।

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী (বিশিষ্ট সাংবাদিক) : সম্পূৰ্ণৰূপে ক্ৰোধ আৰু লজ্জা প্ৰকাশ কৰিছো

চৰকাৰৰ কাণ্ডত সম্পূৰ্ণৰূপে ক্ৰোধ আৰু লজ্জা প্ৰকাশ কৰিছো। ক্ৰোধ এই কাৰণেই যিটো কাম চৰকাৰে কৰিব নালাগে সেই কামটো কৰাৰ কাৰণে মোৰ ক্ৰোধ আৰু যিটো কাম তেওঁলোকে কৰা উচিত সেইটো কাম কৰিব নোৱাৰাটো মোৰ বাবে লজ্জা।

কাজিৰঙাই হওক বা আহোম স্বৰ্গদেউ সকলৰ দিনত নিৰ্মাণ হোৱা কীৰ্তিচিহ্নই হওক, সেইখিনি আমাৰ আপুৰুগীয়া সম্পদ, এই সম্পদসমূহ ব্যক্তিগত মালিকানা বা ব্যক্তিগত ঔদ্যোগিক প্ৰতিষ্ঠানক চোৱাচিতাৰ কাৰণে দিলে সেই সমূহ নিশ্চয় লাভান্বিত হ’ব। চৰকাৰে ৰাইজৰ বাবে নিজেই পৰিচালনা কৰাটো উচিত আছিল। কিন্তু সেই দ্বায়িত্বফেৰা যে পালন কৰিবলৈ অসমৰ্থতা প্ৰকাশ কৰাটোৱেই হ’ল আটাইতকৈ বেদনাৰ কথা আৰু এইটো কেতিয়াও ক্ষমাৰ যোগ্য হ’ব নোৱাৰে।

মনজিৎ মহন্ত (জ্যেষ্ঠ সাংবাদিক) : এনেকুৱা এখন ব্যৰ্থ চৰকাৰৰ ক্ষমতাত থকাৰ অধিকাৰ নাই

পৰ্য্যটন বিভাগ বুলি নহয়, গোটেই চৰকাৰখনেই ব্যৰ্থ হৈছে। কাজিৰঙা হ’ল বিশ্বৰ মানচিত্ৰত এখন সুকীয়া স্থান আছে। কাজিৰঙাক লৈ অসমৰ মানুহে গৌৰব কৰে, এনেক্ষেত্ৰত যদি ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়ে তেন্তে কাজিৰঙাৰ সেই অস্তিত্ব ক’ত থাকিব। চৰকাৰৰ যদি কেপাচিটী নাই তেন্তে চৰকাৰ চলাবলৈ বাদ দিয়া তোমালোকে। যদি চৰকাৰে ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাকে ধৰি ৰংঘৰ, কাৰেংঘৰক চম্ভালিব নোৱাৰে, এইকেইখনৰ দ্বায়িত্বও পুঁজিপতিক দিব লগীয়া হয়, তেন্তে তেওঁলোক সম্পূৰ্ণ ব্যৰ্থ, তেওঁলোক ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। তেওঁলোকে অসমত চাওলুং চুকাফাৰ অস্তিত্ব নাইকিয়া কৰিব, কাজিৰঙাৰ যিবোৰ গছ-গছনি আছে, সেইবোৰ যদি ব্যক্তিগত খণ্ডৰ হাতলৈ যায়, তেন্তে বেপাৰীবিলাকে মাছ বেচিব, গছ কাটিব। গঁড়ৰ খড়্গৰ মুকলি বেহা চলিব, পহু মাৰিব, কাৰণ পাঁচ বছৰলৈ যিহেতু দ্বায়িত্ব দিয়া হৈছে, তেন্তে তেওঁলোকে মুনাফাটো আদায় কৰিবলৈ চাবই।

লুৰিণ জ্যোতি গগৈ (সাধাৰণ সম্পাদক, আছু) : কোনো কাৰণতে কাজিৰঙাৰ দৰে জাতীয় সম্পদ এটা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াটো গ্ৰহণ নকৰো

আমি সদায় ইয়াৰ বিৰোধিতা কৰো। ব্যক্তিগত খণ্ডৰ হাতত তৈলখণ্ডকো গতাই দিব বিচৰা হৈছিল, তাতো আমি বিৰোধিতা কৰিছিলো। মুঠৰ ওপৰত ব্যক্তিগতকৰণৰ আমি দুৰ্ঘোৰ বিৰোধী।

চৰকাৰে অসমৰ পৰ্য্যটন খণ্ডৰ উন্নতিৰ কাৰণে কিবা-কিবি কৰি আছে এতিয়া, ব্ৰেণ্ড এম্বেচাদৰ আনিছে, এইখিনি কৰাৰ পিছতো  আকৌ বেলেগৰ হাতত গতাই দিব ওলাইছে।

অসম চৰকাৰে পৰ্য্যটন ক্ষেত্ৰত যিধৰণে উন্নতি কৰিব লাগিছিল, তাতো চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি কোনো কাৰণতে কাজিৰঙাৰ দৰে জাতীয় সম্পদ এটা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াটো গ্ৰহণ নকৰো। এই সম্পদসমূহৰ সৈতে ইতিহাস, জাতীয় স্বাভিমান সকলোবোৰ জড়িত হৈ আছে।

চৰকাৰৰ যিটো কৰ্প’ৰেট প্ৰীতি, পুনৰবাৰ প্ৰতিপন্ন হ’ল। ব্যক্তিগত খণ্ডৰ প্ৰতি চৰকাৰৰ যিটো দুৰ্বলতা সেইটো পুনৰ প্ৰকাশ পালে।

কোম্পানীৰ মূল উদ্দেশ্যটোৱেই হৈছে প্ৰফিট। এইটোতো এন জি অ’ নহয় যে তেওঁলোকে এইবোৰ নিৰ্মাণ কৰি দিয়াৰ পিছত কোনো ধৰণৰ মূল্য নল’ব।

যিটোৰ পৰ্য্যটনৰ সম্ভাৱনা আছে, সেইখিনিক আগুৱাই নিয়াটো চৰকাৰৰ দ্বায়িত্ব। বিশেষকৈ অসমত টুৰিজিম এই বিষয়টো, ইক’ টুৰিজিম, কালচাৰেল টুৰিজিম এই কেইটাৰ জৰিয়তে জাতীয় পুঁজি টনকিয়াল কৰা আৰু পৃথিবীৰ মানুহৰ মাজত অসমক চিনাকি দিয়া -এই তিনিটা কথা এই পৰ্য্যটন উদ্যোগৰ ওপৰতে নিৰ্ভৰ কৰে।

এই খণ্ডকেইটা চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত দিলে দুটা লোকচান হ’ব। এক নম্বৰ পুঁজি আহৰণ কৰাৰ ৰাস্তাটো বন্ধ হৈ যাব। ব্যক্তিগত কোম্পানিসমূহে নিজৰ মৰ্জি মতে কামবোৰ কৰিব। ঐতিহ্যটো বিঘ্নিত কৰি হ’লেও নিজৰ লাভৰ কাৰণে আগ বাঢ়িব।

দ্বিতীয়তে আমাৰ যিবোৰ শিক্ষিত নিবনুৱা যুৱক-যুবতী আছিল, তেওঁলোকে এই ইণ্ডাষ্ট্ৰিটোৰ ওপৰতে ভিত্তি কৰি চলি আছে বা চলিম বুলি ভাবিছিল। জীৱন ধাৰণৰ ৰাস্তাটোও মুদা মৰিব। শিক্ষিত যুৱক-যুৱতীসকলে এণ্টাৰপ্ৰিনিয়াৰ হিচাপে নিজে প্ৰতিষ্ঠা হোৱাৰ সুযোগটো হেৰুৱাব।

যদি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে এইটো এটা আত্মঘাতী সিদ্ধান্ত। তাৰ বিপৰীতে পৰিকল্পিতভাৱে পৰ্য্যটন বিভাগটো আগ বঢ়াই নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে অসমৰ অৰ্থনৈতিক ভেটিটো সুন্দৰ হয়। এয়াই হ’ব আমাৰ চৰকাৰৰ প্ৰতি আহ্বান।

কৃষক মুক্তি সংগ্ৰাম সমিতি :  অৱশেষত মোদী চৰকাৰে অসমীয়া জাতিৰ ঐতিহ্য আৰু অসমীয়া জাতিৰ গৌৰৱোজ্জ্বল সম্পদতো হাত দিলে

ভাৰত চৰকাৰে লালকিল্লাক ডালমিয়াৰ হাতত গতোৱাৰ পিছতেই অসমৰ কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদৌলক ব্যক্তিগত কোম্পানিৰ হাতত গতোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । অৱশেষত মোদী চৰকাৰে অসমীয়া জাতিৰ ঐতিহ্য আৰু অসমীয়া জাতিৰ গৌৰৱোজ্জল সম্পদতো হাত দিছে। ধনৰ অভাৱৰ অজুহাতত কেন্দ্ৰীয় চৰকাৰে দেশৰ অন্য ঐতিহ্যক্ষেত্ৰৰ লগতে অসমৰ ঐতিহ্যক্ষেত্ৰসমূহত ব্যক্তিগত কোম্পানিক দিব খোজাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। অসম চৰকাৰক এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কৃষক সংগঠনে দাবী জনাইছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd