ধনৰ ক্ষমতাৰ বলত ত্ৰিপুৰাত বিজয় সাৱ্যস্ত কৰিছে বিজেপিয়ে : অসম চিপিআই(এম)

03-03-18-Agartala-BJP-supporters-celebration-2-570x320

বিজেপিৰ বিজয়ৰ পিছত আগৰতলাত বিজেপি সমৰ্থকৰ উল্লাস

ত্ৰিপুৰাত বাওঁমৰ্চা চৰকাৰৰ অভাৱনীয় পতনৰ পিছত অসমৰ বাওঁপন্থী নেতাসকলে মানিক সৰকাৰ নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা স্বীকাৰ কৰিও বিজেপিৰ ধনবলকে দলৰ পৰাজয়ৰ মূল কাৰণ বুলি অভিহিত কৰিছে।

‘’বিজেপিয়ে আমাক তেওঁলোকৰ প্ৰধান শত্ৰু হিচাপে চিনাক্ত কৰিছিল আৰু ত্ৰিপুৰাত বিজয় সাৱ্যস্ত কৰিবলৈ সকলো উজাৰি দিছিল। বিজয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াক আদৰ্শগত বিজয় বুলি অভিহিত কৰাটোত কোনো আচৰিত হ’বলগীয়া নাই। কিয়নো তেওঁলোকে জানে যে তেওঁলোকৰ নীতি আৰু আদৰ্শক শক্তিশালী প্ৰত্যাহ্বান জনাব পৰা কোনো দল যদি আছে সেয়া বাওঁপন্থী দল। ইয়াৰ উপৰি প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আছে। ৰাইজে পৰিৱৰ্তন এটা চাব বিচাৰে,’’-চিপিআই (এম)ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক দেবেন ভট্টাচাৰ্যই নৰ্থইষ্ট নাওক এইদৰে কয়।

‘’আনকি আমি এইবাৰ ত্ৰিপুৰাত কম আসন লাভ কৰিলেও আমি ৪৪ শতাংশ ভোট লাভ কৰিছো যিটো বিজেপি, বিপিএফ আৰু অগপ মিত্ৰজোঁটে ২০১৬ ত অসমত লাভ কৰা হাৰতকৈ অধিক। বেছিভাগ সমষ্টিতে বিজেপিয়ে এক ন্যুনতম ব্যৱধানত জয়ী হৈছে,’’-ভট্টাচাৰ্যই আঙুলিয়াই দিয়ে।

তেওঁ কয় যে বাওঁপন্থীসকলৰ বাবে এতিয়া গুৰুত্বপূৰ্ণ হৈছে তৃণমূল পৰ্যায়ত লোকসকলক সংগঠিত কৰা। ‘’কিছুমান কাৰণত আমি আমাৰ সংগ্ৰমাক সমাজৰ সকলো স্তৰলৈ লৈ যোৱাত ব্যৰ্থ হৈছো। সেয়ে, আমি অধিক লোকক সামৰি লোৱাৰ প্ৰয়োজন আছে,’’-তেওঁ কয়।

এগৰাকী জ্যেষ্ঠ চিপিআই(এম) নেতা সুপ্ৰকাশ তালুকদাৰে কয় যে ত্ৰিপুৰাত বিজয় লাভ কৰিলেও বিজেপিয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত কম আসন লাভ কৰিব।

‘’বিজেপি বেছিভাগ ৰাজ্যতে মিছা প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছে। অসমৰ জনসাধাৰণে ইতিমধ্যে ডেৰ বছৰত এই কথা বুজি পাইছে আৰু পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়লৈকে ত্ৰিপুৰাৰ জনসাধাৰণেও সেয়া উপলব্ধি কৰিব। লগতে এই এবছৰত এনডিএৰ শক্তিশালী বিৰোধীৰো উত্থান ঘটিব,’’-তালুকদাৰে লগতে কয়।

উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ ৰাজ্যতে বিজেপি ক্ষমতালৈ অহাৰ বিষয়ে সোধাততেওঁ কয়, ‘’ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ তাৎপৰ্যপূৰ্ণ দিশটো হ’ল যে আঞ্চলিক শক্তিৰ ইয়াত বহুতো গুৰুত্ব আছে। বহুকেইখন ৰাজ্যত বিজেপিয়ে কেৱল আঞ্চলিক দলৰ সহায়তহে ক্ষমতালৈ আহিছে। এই দলবোৰৰ কোনো আদৰ্শ নাই আৰু তেওঁলোকে কেন্দ্ৰত শাসনত থকা দলটোকেই সমৰ্থন কৰে।‘’