NORTHEAST NOW (Assamese)

ধাৰাবাহিক বৰষুণৰ ফলত হাফলং-শিলচৰত ভূমিস্খলন : কাণসাৰ নাই কৰ্তৃপক্ষৰ

May 6, 2018 11:01 am · পংকজ কুমাৰ দেব

আজি কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ কাৰণে হাফলং-শিলচৰ ঘাইপথত ভূমিস্খলন হৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অদূৰদৰ্শিতাৰ বাবেই যোৱা কেইবা বছৰ ধৰি বিশেষকৈ বৰষুণৰ সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে যদিও কোনো কাণসাৰ নাই কৰ্তৃপক্ষৰ।

প্ৰাপ্ত তথ্য মতে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা-হাৰাংগাজাও ২৫ কিলোমিটাৰ অংশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা নাহাইৰ অধীনত আছে।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে যোৱা প্ৰায় আঠটা বছৰে নাহাইয়ে এই ঘাইপথ নিৰ্মাণত সক্ষম হোৱা নাই। লগতে বৰ্তমান ঘাইপথকো সংস্কাৰ কৰাৰ ক্ষেত্ৰতো সম্পূৰ্ণভাবে ব্যৰ্থ হৈছে।

আনহাতে বৰ্তমানে উপৰোক্ত ঘাইপথৰ সংস্কাৰৰ কাৰণে শিলচৰৰ লক্ষ্মী ম’টৰ্চ নামৰ ঠিকাদাৰি সংস্থাটোক যোৱা বছৰৰ ডিচেম্বৰ মাহতে দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও বাস্তবত এই ঠিকাদাৰী সংস্থাটোৱে প্ৰায় ছ’মাহত নিৰ্মাণকাৰ্য আগুৱাই নিয়াৰ ক্ষেত্ৰত সক্ষম হোৱা নাই।

যাৰ ফলত আজি সামান্য বৰষুণে বাটপথ নিশ্চিহ্ন হৈ পৰিছে। ইফালে বৰষুণৰ কাৰণে ঘাইপথ বন্ধ হৈ যোৱাত বিপাঙত পৰিব লগা হৈছে সাধাৰণ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী।

Related News