NORTHEAST NOW (Assamese)

ধুবুৰীত অবৈধ জুৱাৰ ঘাটি উৎখাত, ৩জনক আটক

May 10, 2018 9:52 am · মুকেশ কুমাৰ সিং

ক্ৰমাৎ জুৱাৰ ঘাটিলৈ পৰিনত হোৱা ধুবুৰী চহৰৰ চাগালহাটি অঞ্চলত থকা এখন দোকানত কালি সন্ধিয়া ধুবুৰীৰ উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে অভিযান চলাই এটা জুৱাৰ ঘাটি উৎখাত কৰে।

প্ৰাপ্ত তথ্য মতে উক্ত দোকানখনত যোৱা কিছু বছৰ ধৰি পুৱাৰ পৰা নিশালৈকে জুৱাৰ আড্ডা চলি আহিছিল যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কোনোধৰণৰ ভুমিকা গ্ৰহণ কৰা নাছিল। একাংশ লোকে জুৱা চক্ৰটোৱে ধনৰ বিনিময়ত স্থানীয় আৰক্ষীক হাতত মুঠিত ৰখা বুলিও অভিযোগ কৰে।

চহৰখনত এতিয়া মহামাৰিৰ ৰূপ ল’বলৈ ধৰা এই জুৱা খেলৰ বিৰুদ্ধে উপায়ুক্ত গৰাকীয়ে লোৱা উক্ত পদক্ষেপৰ স্থানীয় লোক তথা অভিভাৱক সকলে শলাগ লয়।

কালিৰ এই অভিযানত উপায়ুক্ত জ্ঞানীৰ নেতৃত্বত যোৱা দলে উক্ত ঘটণা সম্পৰ্কত ৩ গকাৰী লোকক আটক কৰে।

Related News