ধুবুৰীত দুৰ্বৃত্তই লুটিলে এ টি এম

ৰাজ্যৰ বিভিন্ন ঠাইত এ টি এম চুৰি কাণ্ডৰ ঘটনা পোহৰলৈ আহি থকাৰ সমান্তৰালকৈ যোৱা নিশা ধুবুৰী চহৰৰ মাজমজিয়াৰ পৰাই কোনো দুৰ্বৃত্তই লুট কৰি লৈ যায় এ টি এম। ৰাতিপুৱা প্ৰায় ৬ মান বজাত প্ৰাতঃ ভ্ৰমণৰ বাবে অহা একাংশ লোকে চহৰৰ মাজ মজিয়াতে থকা এলাহাবাদ এ টি এম টো ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে। ঘটনা সম্পৰ্কে জ্ঞাত হোৱাৰ লগে লগে ৰাইজৰ মাজত চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হয়। আনহাতে ৰাইজে জানিবলৈ দিয়া মতে যোৱা নিশা এ টি এম টোত কৰ্তব্যৰতঃ তিনিজন চকীদাৰৰ এজনো উপস্থিত নাছিল। প্ৰত্যক্ষদৰ্শীয়ে  ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাত কৰাত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে আৰক্ষীয়ে তিনিওজন চকীদাৰকে সোধ পোচৰ বাবে ধুবুৰী থানালৈ লৈ যায়।