ধুবুৰীৰ আন্তঃগাঁথনি সন্দৰ্ভত জিলা শিক্ষা বিষয়াৰে নিটি আয়োগৰ প্ৰতিনিধিৰ বৈঠক

NITI-Aayog-570x320

আজি ধুবুৰীৰ জিলা পৰিষদৰ আলোচনা কক্ষত পৰিমল ফাউণ্ডেশ্যন আৰু নিটি আয়োগৰ উদ্যগত এখন দিন জোৰা বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত শিক্ষা বিষয়াসকলে নিটি আয়োগৰ সূচকসমূহৰ ব্যাখ্যা আগবঢ়ায়।

ধুবুৰীৰ জিলা উন্নয়ন আয়ুক্ত পুৰৱী কোঁৱৰ আৰু বিদ্যালয় পৰিদৰ্শক আৰু জিলা অভিযান সমন্বয়ক (Inspector of Schools-cum-District Mission)ছাজু কুমাৰ যাদবে শিক্ষা বিভাগৰ জিলা কাৰ্যক্ৰম বিষয়া অভিজিত চক্ৰবৰ্তী, ৰঞ্জীত দাস, আজাহাৰুল ইছলাম, গণেশ প্ৰসাদ শ্বাহ, ডিপিই ৰফিকুল হক আৰু ছখন শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলৰ উপস্থিতিত এই কাৰ্যসূচী মুকলি কৰে।

নিটি আয়োগৰ প্ৰতিনিধিদ্বয় তামিনা নাৰায়ণ আৰু সদাশিব ৰেড্ডীয়ে অংশগ্ৰহণ কৰি উচ্চাকাংক্ষ্যী জিলাসমূহৰ সূচকসমূহৰ ওপৰত মনোযোগ প্ৰদান কৰি শিক্ষা বিভাগৰ বিষয়াসকলৰ আগত পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যন কৰে।

তামিনা নাৰায়নে কয় যে দলটোৱে এটা একশ্যন প্লেন প্ৰস্তুত কৰিছে য’ত নিটি আয়োগৰ সদস্যসকলে এটা জন আন্দোলন আৰম্ভ কৰিব। ইয়াত উচ্চাকাংক্ষ্যী জিলাসমূহৰ সূচকসমূহৰ ওপৰত মনোযোগ দিয়াৰ লগতে বিশেষকৈ ছাত্ৰ-শিক্ষণ ফলাফলৰ ওপৰতো মনোযোগ প্ৰদান কৰা হ’ব।

প্ৰণিধানযোগ্য যে নিটি আয়োগ আৰু পৰিমল ফাউণ্ডেশ্যনে ভাৰতৰ ১১৫খন জিলাক পৰিৱৰ্তন কৰাৰ বাবে যুক্ত হৈছে। এই ১১৫খন জিলাৰ ভিতৰত ধুবুৰী জিলাও আছে। তামিনা নাৰায়ণে জনাইছে যে এই ধুবুৰী জিলাত শিক্ষা, স্বাস্থ্য, নিয়োজন আৰু প্ৰাথমিক আন্তঃগাঁথনিত বহুতো বাধাগ্ৰস্ততা আছে।