NORTHEAST NOW (Assamese)

ধুবুৰীৰ গোলকগঞ্জত ১৫ বছৰীয়া নাবালিকাক ধৰ্ষণ দুই নৰাধমৰ

April 12, 2018 8:41 pm · এন ই নাও নিউজ
Updated: April 12, 2018 9:45 pm
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনৰ কোনো ঠাইতে যেন বৰ্তমান মহিলা, নাবালিকা, যুৱতীৰ নিৰাপত্তা নোহোৱা হৈছে। এই কথাকে প্ৰমাণ কৰি কালি(১১ এপ্ৰিল) নিশা ধুবুৰী জিলাৰ গোলকগঞ্জত এগৰাকী ১৫ বছৰীয় নাবালিকাক দুই নৰাধমে ধৰ্ষণ কৰে।

প্ৰাপ্ত তথ্য মতে নাবালিকা গৰাকী কালি সন্ধিয়া বাসগৃহৰ সমীপতে থকা দোকানৰ পৰা ঘৰৰ সামগ্ৰী বজাৰ কৰি ঘৰলৈ ওভতাৰ সময়তে এই ধৰ্ষণকাণ্ড সংঘটিত হয়।

উল্লেখযোগ্য যে নাবালিকাগৰাকী ঘৰলৈ ওভতাৰ পথত দুই নৰাধমে নাবালিকা গৰাকী অপহৰণ কৰি নাবালিকা গৰাকীক চিঞৰ-বাখৰ কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে।

ইয়াৰ পিছতে দুই দুৰ্বৃত্তই নাবালিকা গৰাকীক ধৰ্ষণ কৰি পুনৰ যি ঠাইৰ পৰা অপহৰণ কৰি নিছিল সেই ঠাইতে থৈ আহে।

ইফালে নাবালিকা গৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি বাসগৃহলৈ লৈ আনে। আৰু পৰিয়ালৰ লোকে ঘটনাৰ সম্পৰ্কে জানিব পাৰি গোলকগঞ্জ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

ইতিমধ্যে আৰক্ষীয়ে পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ধৰ্ষণকাৰীক কৰায়ত্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে।

শেহতীয়াকৈ প্ৰাপ্ত তথ্য মতে ১৫ বছৰীয়া নাবালিকা গৰাকীৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত দুই দুৰ্বৃত্তৰ এটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আটকাধীন দুৰ্বৃত্তটোক আৰক্ষীয়ে ছাহান আলী বুলি চিনাক্ত কৰিছে আৰু আনটো দুৰ্বৃত্ত ছহিদুৰ আলী বৰ্তমানেও পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related News