NORTHEAST NOW (Assamese)

ধুবুৰীৰ পৰা শিলচৰলৈ পৰিবহণ বিভাগৰ বাছসেৱা মুকলি

March 28, 2018 8:39 am · এন ই নাও নিউজ

বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক পৰিবহণ বিভাগে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই দুই উপত্যকা সংযোগ কৰাৰ বাবে মঙলবাৰে ধুবুৰীৰ পৰা গুৱাহাটী হৈ শিলচৰলৈ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ অত্যাধুনিক ভলভো বাছৰ সেৱা মুকলি কৰা হয়।

প্ৰথমবাৰলৈ ধুবুৰীৰ পৰা শিলচৰলৈ অসম ৰাজ্যিক পৰিবহণ বিভাগে বাছসেৱা মুকলি কৰা কাৰ্যত দুয়োটা অঞ্চলৰ লোক স্বাভাবিকতে উৎফুল্লিত হোৱা দেখা গৈছে।

উল্লেখ্য যে কালি দুপৰীয়া এক মান বজাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ধুবুৰীৰ চৰকাৰী বাছ আস্থানত আযোজিত এক মুকলি অনুষ্ঠানত এই বাছ সেৱা আনুষ্ঠানিকভাবে মুকলি কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলাৰ উপায়ুক্ত আৰু বিধায়ক অশ্বিনী ৰায় সৰকাৰ।

মুকলি অনুষ্ঠানত বিধায়ক সৰকাৰে নিজৰ ভাষণ প্ৰসংগত কয় যে বৰাক-ব্ৰহ্মপুত্ৰ সংযোগ কৰাৰ বাবে এয়া এক সুন্দৰ প্ৰয়াস। তেওঁ লগতে ধুবুৰী ফুলবাৰী দলঙৰ বাবে আবণ্টন দিয়া ১০ হেজাৰ কোটি টকা আৰু ৰূপসী বিমান বন্দৰ পুনৰ কাৰ্যক্ষম কৰাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে।

বাছসেৱা মুকলি অনুষ্ঠানত জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জী, পৰিবহন নিগমৰ ধুবুৰী আস্থানৰ অধীক্ষক মনোৰঞ্জন চুতীয়াও উপস্থিত থাকে।

Related News