NORTHEAST NOW (Assamese)

ধেমাজিৰ বীৰাংগনা সাধনী দিৱসত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

April 21, 2018 6:59 pm · এন ই নাও নিউজ

‘বীৰাংগনা নাৰী সতী সাধনী হৈছে সততা, সাহসিকতা আৰু ত্যাগৰ প্ৰতীক। এই গৰাকী মহান নাৰী অসমীয়া জাতিৰ গৌৰৱ। সতী সাধনীয়ে সকলো দিশতে আমাৰ জাতিটোক শক্তিশালী চৰিত্ৰ প্ৰদান কৰি গৈছে। জীৱনৰ বাটত বিশ্বাস, দৃঢ়তা আৰু নিৰ্ভীকতাৰে আগুৱাই যোৱাৰ বাবে এই গৰাকী মহিয়সী নাৰীয়ে শক্তি প্ৰদান কৰিছে।’ শনিবাৰে ধেমাজি জিলাৰ চিচিবৰ গাঁও মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগিতাত আয়োজিত বীৰাংগনা সাধনী দিৱস অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে সতী সাধনী দিৱসৰ লগত সংগতি ৰাখি কয় যে নাৰীজনিত অপৰাধ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে উচ্চ ন্যায়ালয়ে প্ৰতিখন জিলাতে ফাষ্ট ট্ৰেক ক’ৰ্ট স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয়।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে যাতায়াত ব্যৱস্থা সূচল নোহোৱাৰ বাবে জিলাখন উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি কয়।

লগতে বগীবিল দলং সম্পূৰ্ণ হৈ উঠিলে এই অঞ্চলৰ যাতায়াত ব্যৱস্থা অধিক সূচল হোৱাৰ উপৰি অৰ্থনৈতিক বুনিয়াদো শক্তিশালী হৈ উঠিব।

আজিৰ অনুষ্ঠানটোত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, বিধায়ক সকল ক্ৰমে ডাঃ ৰণোজ পেগু, ভূৱন পেগু, ঋতুপৰ্ণ বৰুৱা, সাংস্কৃতিক বিভাগৰ সঞ্চালক, সদৌ চুতীয়া জাতি সন্মিলন, সদৌ চুতীয়া ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related News