ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰা নচলিব; অসম চুক্তিৰ আধাৰতে বিদেশী বহিষ্কৃত হ’ব লাগিব : আছু

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গুৱাহাটীতো আছুৰ জোঁৰ সমদল, ১৪ মে'ত। ফটো : য়ু বি।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমৰ জনসাধাৰণৰ ওপৰত  অবৈধ বিদেশীৰ বোজা জাপি দিব খোজা প্ৰয়াসৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৱে জোঁৰ লৈ প্ৰতিবাদী সমদল উলিয়ায়।

গুৱাহাটীতো সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি চহিদ ন্যাস ভৱনৰ পৰা আৰম্ভ কৰা জোঁৰ সমদল কাৰ্য্যসূচীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, অসম চুক্তি ৰূপায়ণ কৰক, ১৯৭১ চনৰ পিছৰ বিদেশীৰ বোজা অসমে নলয়, ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ ভাগ কৰা নচলিব আদি শ্ল’গানেৰে ৰাজপথেৰে সমদল কৰি যায়।

সমদলত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ৰাজবংশী আৰু সাধাৰণ সম্পাদক নিৰোদ কুমাৰ দাসেও এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। কামৰূপ জিলা ছাত্ৰ সন্থাই এটা প্ৰেছ বিবৃতিত কয় যে অসমে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুচলমান কোনো বিদেশীৰে বোজা নলয়। সকলো বিদেশীৰ অসম চুক্তিৰ আধাৰতে বিতাড়িত হ’বই লাগিব।

নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিৰ ধ্বংসকাৰী। এইখন কোনোপধ্যে মানি লোৱা নহ’ব। জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে শাসনলৈ অহা চৰকাৰখনে অসমৰ জনসাধাৰণৰ মতক সন্মান জনাই সঁচা অৰ্থত জাতি-মাটি-ভেটি ৰক্ষাৰ নিদৰ্শন দাঙি ধৰক। এইদৰে বিবৃতিটোত কয় ছাত্ৰ সংগঠনটোৱে।