NORTHEAST NOW (Assamese)

ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ সপক্ষে জুবিন

April 17, 2018 5:01 pm · এন ই নাও নিউজ
Updated: April 17, 2018 5:05 pm

অসমত শেহতীয়াকৈ ব্যাপক গতিত বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাসমূহক লৈ মুখ খুলিছে জনপ্ৰিয় গায়ক জুবিন গাৰ্গে ( Zubeen )।

ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি আৰু আইনৰ বাবে চৰকাৰৰ ওচৰত বিভিন্ন লোকে দাবী উঠোৱাৰ পৰতে ৰাজনৈতিক জগতত থকা হ’লে দোষীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন বুলি গাৰ্গে মন্তব্য কৰে। তেওঁ কয় ‘মই পলিটিক্সত থকা হ’লে ধৰ্ষণকাৰীবোৰক direct ফাঁচি দিলোহেঁতেন’।

গাৰ্গে কয় যে দোষীক কঠোৰ শাস্তি দিলেহে অসমত এনে ঘটনা কমিব।

সকলো লোককে ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আহ্বান জনাই বঙাইগাঁৱৰ এখন বিহুমেলাত অনুষ্ঠান পৰিৱেশনৰ সময়ত তেওঁ লগতে কয় যে আৰক্ষী–প্ৰশাসনক দোষ দিলে নহ’ব।

Related News