NORTHEAST NOW (Assamese)

ধৰ্ষণকাৰীৰ বাবে কঠোৰ আইনৰ দাবীৰ সমৰ্থনত ডিমৌৰ যুৱকে সংগ্ৰহ কৰিলে গণস্বাক্ষৰ

April 1, 2018 11:46 am · হিতোজ্জ্বল চেতিয়া
Updated: April 1, 2018 11:47 am

শেহতীয়াকৈ সঘনাই হোৱা ধৰ্ষণৰ দৰে কেতবোৰ নাৰকীয় ঘটনাই ৰাজ্যখনত তীব্ৰ আলোড়ন সৃষ্টি কৰি থকাৰ সমান্তৰালভাৱে শিৱসাগৰ ডিমৌত এজন যুৱকে লৈছে এক ব্যতিক্ৰম পদক্ষেপ। শ্ৰীমন্ত দত্ত নামৰ ডিমৌৰ যুৱকজনে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ অনুৰোধ জনাই দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ বাবে ইয়াৰ সমৰ্থনত গণস্বাক্ষৰ সংগ্ৰহ কৰিছে।

প্ৰথমে ফেইচবুকৰ দ্বাৰা জনোৱা আহ্বানৰ পিছত তেওঁৰ গণস্বাক্ষৰ অভিযানৰ প্ৰতি সঁহাৰি জনাইছে বিভিন্ন প্ৰান্তৰ বহু উদ্যমী যুৱকে।

তেওঁ জনোৱা মতে  এই গণস্বাক্ষৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ্ৰহণ কৰা হৈছে। ডিমৌতো গণস্বাক্ষৰ গ্ৰহণ কৰা হৈছে। তেওঁ সহযোগীসকলৰ সহায়ত ডিমৌৰ প্ৰতিজন ব‍্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে ঘূৰি গণস্বাক্ষৰ সংগ্ৰহ কৰা দেখা গৈছে।

এনেবোৰ ঘটনাই ৰাজ্য তথা দেশখনক যাতে লজ্জানত কৰিব নোৱাৰে তাৰ বাবে সেই অপৰাধীবোৰৰ বিৰুদ্ধে এক কঠোৰ আইন প্ৰণয়নৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এই গণস্বাক্ষৰ সম্বলিত পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰাৰ দিহা কৰা হৈছে। শ্ৰীমন্ত দত্তই জনোৱামতে, এই স্বাক্ষৰ অভিযানত হাজাৰ হাজাৰ লোকে সহযোগিতা আগবঢ়োৱাৰ লগতে এই প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ঘটা কেইবাটাও ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। বহু ঠাইত বিভিন্ন ব্যক্তি, দল, সংগঠনে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে ধৰ্ষণকাৰীৰ বাবে কঠোৰ আইনৰ দাবী তুলিছে।

Related News