NORTHEAST NOW (Assamese)

ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত দক্ষিণ বজালী আঞ্চলিক ছাত্ৰ সন্থাৰ মালিপাৰাত পথ অৱৰোধ

February 15, 2018 5:39 pm · শশাংক তালুকদাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ দক্ষিণ বজালী আঞ্চলিক ছাত্ৰ সন্থাই আজি অঞ্চলটোৰ স্থানীয় ৰাইজৰ সহযোগত ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত মালিপাৰাত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। বৰপেটা জিলাৰ সৰ্থেবাৰী, টিহু, পাথশালা আদিৰ পৰা মালিপাৰাক সংযোগী সকলো পথ প্ৰতিবাদী দলটোৱে অৱৰোধ কৰে।

সোমবাৰে গাঁওখনৰ অধয় মালাকাৰ নামৰ এজন ৪৫ বছৰীয়া বিবাহিত লোকে  এগৰাকী দশম শ্ৰেণীত পঢ়ি থকা কিশোৰীক বলাৎকাৰ কৰাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছিল।
আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিয়ালৰ লোকে পাটছাৰকুচি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। লগতে স্থানীয় ৰাইজ, পৰিয়ালৰ লোক আৰু দক্ষিণ বজালী অঞ্চলিক ছাত্ৰ সন্থাই অপৰাধীক তৎকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ বাবে দাবী জনাইছিল।
ইয়াৰ বিপৰীতে আৰক্ষীয়ে অভিযান চলাই আছে যদিও বৰ্তমানলৈকে ধৰ্ষণকাৰী অধয় মালাকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। যাৰফলত সংগঠনটোৱে আজিৰ পথ অৱৰোধ কাৰ্যসূচীৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হয়।
আজিৰ পথ অৱৰোধ কাৰ্যসূচীটোত প্ৰায় ২০০ প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰে বুলি দক্ষিণ বজালী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰাজু আহমেদে জানিবলৈ দিয়ে।
প্ৰতিবাদস্থলীত বজালী আৰক্ষী বাহিনী আৰু চি আৰ পি এফৰ জোৱান পৰিস্থিতি নিয়ন্ত্ৰিণৰ বাবে উপস্থিত হয়।

Related News