ধৰ্ষণকাৰীক শাস্তি তথা নিৰ্য্যাতিতাক সংস্থাপন দিয়াৰ দাবীত কালিয়াবৰত অসম চাহ জনজাতি সন্থাৰ প্ৰতিবাদ

ATSA

ATSA ৰ প্ৰতিবাদী কাৰ্য্যসূচী।

ঢেকিয়াজুলিৰ চিৰাজুলিৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ সুবিচাৰৰ দাবীত কালিয়াবৰত অসম চাহ জনজাতি সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি চাহ জনজাতি সন্থাই এই বিষয়টোৰ সৈতে সম্পৰ্ক থকা কেইবাটাও দাবী লৈ কলিয়াবৰ মহকুমাৰ কাৰ্য্যালয় চৌহদত দুঘণ্টীয় প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদৰ সময়ছোৱাত সংগঠনটোৰ কৰ্মকৰ্তা-সদস্যই প্লেকাৰ্ডত বিভিন্ন শ্ল’গান লিখি লোৱাৰ লগতে তেওঁলোকে অসম পুলিচ হায় হায়, আবকাৰী বিভাগ হায় হায়, অসম চৰকাৰৰ কাম নাই ধ্বনি দিয়ে।
উল্লেখযোগ্য যে যোৱা ২২ জানুৱাৰিত অঞ্চলটোৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক প্ৰেমৰ অচিলা লৈ ইমদাদুল আমিন আৰু তেওঁৰ কেইজনমান সহযোগীয়ে দলবদ্ধ ধৰ্ষণ কৰিছিল। ইমদাদুল আমিন আৰু তেওঁৰ ভায়েকক আৰক্ষীয়ে আটক কৰিছিল যদিও পিছত এৰি দিয়ে। ফলত এতিয়াও মুকলি আকাশৰ তলত আছে অপৰাধীকেইজন।
যি সময়ত নাৰী সবলীকাৰণ, সুৰক্ষা, নাৰীৰ সমমৰ্য্যদাৰ কথা সঘনাই উচ্চাৰিত হৈ আছে সেই সময়ত এগৰাকী কিশোৰীক ধৰ্ষণকাৰীয়ে আইনৰ পৰা কেনেকৈ ইমান সহজে হাত সাৰি থাকিব পাৰিছে বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে।
আনহাতে এতিয়াও মুকলি আকাশৰ তলত থকা হত্যাকাৰীকেইজনক উচিত শাস্তি বিহাৰ লগতে নিৰ্যাতিতাৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন সাহায্য দিয়া, নিৰ্যাতিতা কিশোৰীগৰাকীক কৰ্ম সংস্থাপন দিয়াৰ আদি দাবী তোলে। লগতে সংগঠনটোৱে কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।