NORTHEAST NOW (Assamese)

ধৰ্ষণকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত ডিমৌত প্ৰতিবাদ : ধৰ্ষণকাৰীক প্ৰতীকী দাহ

March 30, 2018 8:57 pm · হিতোজ্জ্বল চেতিয়া
ৰাজ্যত শেহতীয়াকৈ সঘনাই সংঘটিত হোৱা নাৰকীয় ধৰ্ষণৰ ঘটনাবোৰক লৈ চৌদিশে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে আজি শিৱসাগৰ জিলাৰ ডিমৌতো ধৰ্ষণকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত প্ৰতিবাদ উলিওৱা হয়।
প্ৰতিবাদ কাৰ্য্যসূচীৰ সময়ত ধৰ্ষণ আৰু নাৰী নিৰ্যাতন  শীঘ্ৰে  বন্ধ কৰাৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিমৌ নগৰ সমিতিৰ উদ্যোগত ধৰ্ষণকাৰীক ডিঙিত ৰছী লগাই ৰাজপথত চোচঁৰাই নি প্ৰতীকীভাৱে দাহ কৰে।
ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে ‘ধৰ্ষণকাৰীক ফাঁচি দিয়ক’, ‘নাৰী নিৰ্যাতন বন্ধ কৰক’, ‘অসম চৰকাৰ হায় হায়’ আদি শ্ল’গানেৰে ডিমৌ চাৰিআলি উত্তপ্ত কৰি তোলে।
যুৱ মঞ্চৰ জিলা সভাপতি যাদৱ গগৈ, ডিমৌ নগৰ সমিতিৰ সভাপতি যদুমনি কলিতাৰ নেতৃত্বত পৰিচালিত হোৱা প্ৰতিবাদী কাৰ্যসূচীটোত ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবীৰ লগতে নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

Related News