NORTHEAST NOW (Assamese)

ধৰ্ষণক কেন্দ্ৰ কৰি মাইবাঙত চেপা উত্তেজনা; এজনক আটক

April 23, 2018 4:36 pm · পংকজকুমাৰ দেব

ধৰ্ষণক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ পিছতো অসমত দৈনিক এটাৰ পিছত আনটোকৈ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহি আছে। ইয়াৰ মাজতে ডিমা হাচাও জিলাৰ পুৰণি মাইবাঙত আজি সংঘটিত হ’ল আন এটা ধৰ্ষণৰ ঘটনা।

প্ৰাপ্ত তথ্য মতে আখতাৰ হুচেইন নামৰ এজন ফেৰিৱালাই ঘৰত কোনো নথকা অৱস্থাত এগৰাকী জনজাতিয় যুৱতীক ধৰ্ষণ কৰে। ধৰ্ষণ কাণ্ড সংঘটিত কৰা আখতাৰৰ ঘৰ লংকাৰ উদালিত বুলি জানিব পৰা গৈছে।

যুৱতী গৰাকীয়ে নিজৰ ঘৰৰ তাঁতশালত কাপোৰ বৈ থকা অবস্থাত শীতল পানীয় ফেৰি কৰি থকা আখতাৰে যুৱতী গৰাকীৰ ঘৰত কোনো নেথকাৰ সুযোগ লৈ এই অপকৰ্মত লিপ্ত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

আনহাতে সুযোগ বুজি লম্পট আখতাৰে ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা চলাই যদিও ৰাইজে তেওঁক ধৰি উত্তম-মধ্যম সোধাই পিছত আৰক্ষীৰ হাতত গতাই দিয়ে।

আৰক্ষীৰ সহযোগত যুৱতী গৰাকীৰ লগতে আখতাৰক মাইবাঙ হাস্পাতলত ভৰ্তি কৰোৱা হয়।

উক্ত ঘটনাটোক কেন্দ্ৰ কৰি মাইবাঙত বৰ্তমান এক চেপা উত্তেজনাই বিৰাজ কৰিছে।

এতিয়া সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষীয়ে আখতাৰক আন ঠাইলৈ লৈ গৈছে।

Related News