ধৰ্ষণত জড়িত অপৰাধীক মৃত্যুদণ্ড দিয়াৰ দাবীত যোৰাহাট নাগৰিক সমাজৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

CAW-570x320

ৰাজ্যত শেহতীয়াভাৱে নাৰীজনিত অপৰাধৰ বৰ্ধিত হাৰত সমগ্ৰ ৰাজ্যবাসী উদ্বিগ্ন হৈ থকাৰ মাজতে আজি যোৰাহাট নাগৰিক সমাজে ধৰ্ষণকাৰীক মৃত্যু দণ্ডেৰে দণ্ডিত কৰাৰ দাবীত জিলাখনৰ উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। স্মাৰকপত্ৰখনত লগতে ভুক্তভোগী মহিলাসকলক বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও দাবী জনোৱা হয়।

স্মাৰকপত্ৰখনত কোৱা হৈছে যে অসমখন ইমান দিনে শান্তিপ্ৰিয় ৰাজ্য আছিল, য’ত মহিলাক খুবেই উচ্চ স্থান দিয়া হয়। কিন্তু ২০১৬ চনত বিজেপিৰ চৰকাৰখন আহিবৰ পৰা ধৰ্ষণ, হত্যাকে ধৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে চৰকাৰী তথ্যমতে, এই সময়ছোৱাৰ ভিতৰত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা মুঠ ২৯২২৩ টা আৰু ধৰ্ষণৰ অভিযোগ আছে ৩০০৯ টা। ইয়াৰ ভিতৰৰে গোচৰ চলি থকা মুঠ ১৭৮৬জনৰ ভিতৰত মাত্ৰ ৭৬জনকহে দোষী সাব্যস্ত কৰা হৈছে।

স্মাৰকপত্ৰখনত কোৱা হৈছে যে অপৰাধৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰে এতিয়াৰ দৰে কোনো কোনো ধৰ্ম, সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাৰ পৰিৱৰ্তে বস্তুনিষ্ঠ ভূমিকা ল’ব লাগে।

নাগৰিক সমাজে কয় যে অপৰাধ আৰু অপৰাধীৰ প্ৰসংগত অপৰাধী ব্যক্তিৰ ধৰ্ম আৰু সম্প্ৰদায় বিচাৰ্য্য হোৱা উচিত নহয়।

স্মাৰকপত্ৰখনত কোৱা হয় যে অধিক সংখ্যক মহিলা আৰক্ষী নিযুক্তি দিয়াৰ লগতে গোচৰবোৰো অনুসন্ধানৰ বাবে দিব লাগে।

অপৰাধীক তাৎক্ষণিকভাৱে ধৰাৰ ব্যৱস্থা কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি নাগৰিক সমাজে দাবী কৰে।

উল্লেখযোগ্য যে কেইদিনমানৰ পূৰ্বে নাৰীৰ বিৰুদ্ধে ক্ৰমবৰ্ধিত অপৰাধৰ প্ৰতিবাদত যোৰাহাট নগৰত জোঁৰসমদল বাহিৰ কৰা হৈছিল।