NORTHEAST NOW (Assamese)

ধৰ্ষণৰ অভিযোগ অস্বীকাৰ কৰা এ আই য়ু ডি এফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী পলাতক

July 10, 2018 5:58 pm · এন ই নাও নিউজ

হাইলাকান্দিত আৱৰ্ত ভৱনত এগৰাকী মহিলাক আগলাপুৰৰ বিধায়ক নিজাম উদ্দিনে মহিলাগৰাকীৰ গিৰিয়েকৰ সহযোগত ধৰ্ষণ কৰা বুলি উত্থাপন হোৱা অভিযোগৰ পিছতে আজি নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে বিজেপি যুৱ মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্ত এআইইউডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে এআইইউডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছিল। লগতে ভাৰতীয় ন্যায় ব্যৱস্থাত সম্পূৰ্ণ বিশ্বাস থকা বুলি কৈছিল। এই অভিযোগ তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও বিধায়ক নিজামে উল্লেখ কৰিছিল।

কিন্তু মন কৰিব লগীয়া যে শনিবাৰে মুম্বাইলৈ পলায়নৰ বাবে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে ভুক্তভোগী মহিলাগৰাকীৰ স্বামী শ্বাহিদ আহমেদ লস্কৰক আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে নিজকে নিৰ্দোষী বুলি দাবী কৰা বিধায়ক নিজাম উদ্দিন চৌধুৰী পলাতক হৈ আছে।

বিধায়ক গৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ মিছা আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস থকা বুলি দাবী কৰাৰ পিছত বৰ্তমান বিধায়ক গৰাকী কিয় পলাতক অৱস্থাত আছে তাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।

Related News