ধৰ্ষণ তথা হত্যাৰ দৰে নিৰ্লজ্জ কাণ্ডত লিপ্ত থকা অপৰাধীক মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰিব লাগে। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বৃহস্পতিবাৰে শিলচৰত এনেধৰণৰ তাৎপৰ্যমূলক মন্তব্য কৰা দেখা যায়।
সংবাদ মাধ্যমৰ আগত হোৱা কথা বতৰাৰ সময়ত ৰাজ্যপাল মুখীয়ে সাম্প্ৰতিক সময়ত দেশৰ লগতে ৰাজ্যত বৃদ্ধি পোৱা ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ উপৰি এই সমূহ ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য কৰে।
উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে বিয়লিভাগত শিলচৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী। কুম্ভীৰগ্ৰাম বিমান বন্দৰত অৱতৰণ কৰা মুখীক আদৰণি জনাবলৈ কাছাৰ জিলাৰ উপায়ুক্ত এছ লক্সমনন, আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ লগতে বহুতো গণ্য মান্য লোক উপস্থিত থাকে।
ইয়াৰ উপৰি বিজেপি বিধায়ক মিহিৰকান্তি ছোমে, আমিনুল হক লস্কৰ, কিশোৰ নাথ আৰু বিজেপিৰ জিলা সভাপতি উদয়শংকৰ গোস্বামীয়ে ৰাজ্যপালগৰাকীক বিমান বন্দৰতে উষ্ম আদৰণি জনায়।
ইয়াৰ পাছতে অসমৰ ৰাজ্যপাল মুখীয়ে কাছাৰ কলেজ আৰু চৰকাৰী বয়জ স্কুল পৰিদৰ্শন কৰি শিক্ষক তথা শিক্ষাৰ্থী সকলৰ লগত এক মত বিনিময় অনুষ্ঠান কৰে। শিক্ষাৰ লগতে সমাজ তথা দেশৰ প্ৰতি সদায় নিষ্ঠা প্ৰদৰ্শন কৰি যাবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়।
শিক্ষানুষ্ঠান পৰিদৰ্শন কৰাৰ পাছত অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ৰাজ্যপাল মুখীয়ে চিকিৎসালয়খনৰ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসক আৰু ৰোগীসকলৰ লগত মত-বিনিময় কৰা দেখা যায়।
আনহাতে সন্ধিয়া ৰাজ্যপালে জিলা প্ৰশাসন, আৰক্ষী বিভাগ তথা অন্য বিভাগৰ লগত জিলাখনৰ সামগ্ৰিক নিৰাপত্তা সন্দৰ্ভত বৈঠকত মিলিত হয়। উক্ত বৈঠকত স্থানীয় বিধায়কসকলো উপস্থিত থাকে।
উল্লেখ্য যে জানিব পৰা অনুসৰি আজি ৰাজ্যপালগৰাকীয়ে কৰিমগঞ্জস্থিত ইতিহাস প্ৰসিদ্ধ মালেগঢ় পৰিদৰ্শন কৰি ‘মহাবিদ্ৰোহৰ ৰনধ্বণি’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰিব।