কাৰ্বি আংলঙৰ সমস্যাৰ বুজ ল’বলৈ হামৰেন চহৰত দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে আহি উপস্থিত হ’ল অসমৰ ৰাজ্যপাল জগদীশ মুখী। বৈঠালাংছ’-হামৰেণ বিধ্বস্ত পথেৰে আহি হামৰেণৰ আৱৰ্ত ভৱনত উপস্থিত হয় ৰাজ্যপালগৰাকী।
ৰাজ্যপালগৰাকীক বিভিন্ন জাতি- জনগোষ্ঠীৰ স্বকীয় সংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে আদৰণি জনোৱা হয়।
কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংতি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সভাপতি অৰুণ টেৰাং, কাৰ্যবাহী সদস্য ক্ৰমে ৰূপছিং টেৰণ, মাধুৰ্য্য ঢেকীয়াল ফুকন, খনছিং ৰংপি, ৰতন টেৰণ, ৰাজু তিচ্ছ, প্রদীপ দিপুচা আৰু পৰিষদীয় সদস্য ক্ৰমে ৰিণা তেৰাংপি, দৰছিং ৰংহাং, ৰিচাৰ্ড টকবি, পবিত্ৰ ৰংপিয়ে ৰাজ্যপালগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।
আদৰণি অনুষ্ঠানত পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা, আৰক্ষী শীৰ্ষ বিষয়াৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল৷
বিভিন্ন ৰাজনৈতিক দল-সংগঠন, ছাত্ৰ সংগঠন, চৰকাৰী বিভাগৰ বিষয়াসকলে ৰাজ্যপাল গৰাকীৰ সৈতে মত-বিনিময় কৰে।
ৰাজ্যপালগৰাকীয়ে উপস্থিত সকলোৰে পৰা পাহাৰীয়া জিলাখনৰ সমস্যাৰ বুজ লয়।
আনহাতে, ৰাজনৈতিক দল-সংগঠন, ছাত্ৰ সংগঠনসমূহে বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন কৰে।
কাৰ্বি ছাত্ৰ সন্থাই জিলাখনৰ পথ-যাতায়ত সমস্যা, বিদ্যুৎ সমস্যা আৰু অবৈধ বেদখল সন্দৰ্ভত ৰাজ্যপালগৰাকীক অৱগত কৰি সমস্যাসমূহ সমাধানৰ বাবে আহ্বান জনায়।
সাংবাদিকৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক অধিক গুৰুত্ব দি আহিছে বুলি মন্তৱ্য কৰে।