ধৰ্ষণ-বলাৎকাৰৰ বিৰুদ্ধে হাফলঙত বৃহৎ প্ৰতিবাদী সমদল

20180421_094206

দেশ জুৰি বৃদ্ধি পাইছে ধৰ্ষণ তথা বলাৎকাৰৰ ঘটনা। ইতিমধ্যে আচিফা কাণ্ডই দেশ জোকাৰি গৈছে। আৰু আচিফাই নহয় দেশৰ বিভিন্ন প্ৰান্তত দৈনন্দিন একাধিক আচিফা ধৰ্ষণৰ বলি হৈছে। এনে সমাজ গৰ্হিত তথা ঘৃননীয় কাৰ্যৰ প্ৰতিবাদত পাৰ্বত্য ডিমা হাচাও জিলাৰ বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে। ধৰ্ষণকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবিত শনিবাৰে ৰাতিপুৱা হাফলঙৰ ৰাজপথত বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। সমদলত সহস্ৰাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ মহিলা গোটৰ সদস্যা সকলে অংশ গ্ৰহণ কৰে।

প্ৰতিবাদী সমদলৰ উদ্যোক্তা হৈছে পাৰ্বত্য জিলাৰ অগ্ৰণী মহিলা সংস্থা হাফলং লেডিছ ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন। সমদলত বিভিন্ন মহিলা সংগঠনৰ লগতে শাসক দল জিলা বিজেপি মহিলা মৰ্চা, ডিমা হাচাও মহিলা কংগ্ৰেছৰ বাহিৰেও হাফলঙৰ প্ৰতিটো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু একাংশ শিক্ষয়ত্ৰী সকলেও হাতে হাতে প্লেকাৰ্ড লৈ সমদলত অংশ লৈছে। হাফলং চিন’ড স্কুলৰ সম্মুখৰ পৰা সমদলটো ওলাই হাফলঙৰ প্ৰধান ৰাজপথ পৰিক্ৰমা কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আহি সামৰণি পৰে।

লেডিচ ৱয়েলফেয়াৰ অৰ্গেনাইজেশ্যনৰ সাধাৰণ সচিব গোপা চৌধুৰীয়ে কয় দেশ জুৰি লাহে লাহে বৃদ্ধি পোৱা এনে ধৰ্ষণ বা বলাৎকাৰৰ ঘটনা সঁচাকৈ ছোৱালী বা মহিলা সকলৰ কাৰণে বিপদজনক হৈ উঠিছে। কাৰণ ঘনে ঘনে  হৈছে এনে ঘটনা। চৌধুৰীয়ে ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দৰে চৰম শাস্তিৰ দাবী উত্থাপন কৰে। অন্যথা এনে ঘৃননীয় ঘটনা বৃদ্ধি পাব বুলি সন্দেহ ব্যক্ত কৰে।

তেওঁ লগতে কয় যে বৰ্তমান যি আইন আছে সেই আইনৰ জৰিয়তে ধৰ্ষণকাৰীক জেললৈ প্ৰেৰণ কৰা হ’লেও সহজতে কাৰাগাৰ এৰি মুক্ত আকাশৰ তলত ফুৰি থকা পৰিলক্ষিত হয়।

ডিমা হাচাও জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী পাৰ্বতী থাউচেনৰ মতে দেশত ধৰ্ষণৰ নিচিনা অপকৰ্মক নিয়ন্ত্ৰণ কৰাৰ বাবে আইনী ব্যৱস্থাৰ সংশোধনী জৰুৰী হৈ পৰিছে। কিয়নো এতিয়া কোনো ঠাইত মহিলা সুৰক্ষিত নহয়। ইমানেই নহয়, এতিয়া দেশত কণমানি সকলো সুৰক্ষিত নহয়। সেয়েহে ধৰ্ষণকাৰীৰ বিৰুদ্ধ কঠোৰ আইন প্ৰণয়ন কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় থাউচেনে।

বিশিষ্ট মহিলা সমাজকৰ্মী মেওৱা ৰিম্বাই দেবে ধৰ্ষণৰ ঘটনাক লৈ অসম আৰক্ষীক আৰু সজাগ হোৱাৰ আহ্বান জনায়। এইক্ষেত্ৰত সজাগতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ মন্তব্য কৰে। কিয়নো এনে পৰিস্থিতিত মহিলা বা ছোৱালীয়ে প্ৰথমতে নিজক বচাব লাগিব আৰু এনে পৰিস্থিতিত কি কৰা উচিত সেই বিষয়েও সজাগ হোৱা দৰকাৰ।

উল্লেখযোগ্য যে, আজিৰ সমদলত হাফলঙৰ একাধিক বেচৰকাৰী সংগঠনৰ সদস্য সকলে আগভাগ লয়। আজি সমদলৰ সামৰণিৰ পিছত বিভিন্ন দল সংগঠনৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্দেশ্যে এখন স্মাৰকপত্ৰ ডিমা হাচাও জিলাৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰেৰণ কৰা হয়। স্মাৰকপত্ৰখনত ধৰ্ষণকাৰী সকলৰ বিৰূদ্ধে মৃত্যুদণ্ড দিয়াৰ কথা উল্লেখ কৰাৰ লগতে ফাষ্ট ট্ৰ্যাক আদালত স্থাপনৰ দাবী জনোৱা হয়।