NORTHEAST NOW (Assamese)

নকল কাবিলনামাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

November 27, 2017 11:54 am · এন ই নাও নিউজ ব্যুৰো, নগাওঁ :

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত দক্ষিণ পাবিজুৰি গাঁৱত পোহৰলৈ আহিছে জালিয়তিৰ এক কাণ্ড। নাছিৰ উদ্দিন নামৰ ব্যক্তিজনে মোৰাঝাৰৰ নাজিম মৌলানাৰ ঘৰত ভুৱা ছীল-মোহৰেৰে  নীলবাগানৰ নজৰুল ইছলাম বৰভূঞাক নকল কাবিলনামা দি থকা অবস্থাত হাতে-লোটে ধৰা পেলাই নাজিম মৌলানাই। এই জালিয়াতিৰ অভিযোগত অভিযুক্ত নাছিৰ উদ্দিনক নাজিম মৌলানাই  মোৰাঝাৰ আৰক্ষীক  গতাই দিয়ে। জানিব পৰা মতে ধৃত নাছিৰ উদ্দিনৰ  বিৰুদ্ধে মোৰাঝাৰ থানাত পূৰ্বেও বহুকেইটা অভিযোগ আছে। নাছিৰে দীৰ্ঘদিন ধৰি এই কু-কৰ্ম চলাই অহাৰ তথ্য আৰক্ষীৰ হাতত আছে। এই ঘটনাই সমগ্ৰ হোজাই দক্ষিণ পাবিজুৰি গাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News