নগাঁও আৰক্ষীয়ে উৎখাত কৰিলে বৃহৎ নিচাজাতীয় সামগ্ৰীৰ ঘাটি: গ্ৰেপ্তাৰ হ’ল চাৰিজন লোক

Drug mafia, Abzor Ali aka Adom

গোপনে বৃহৎ নিচাজাতীয় সামগ্ৰীৰ সাম্ৰাজ্য চলাই থকা এটা গোটক নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চলযুৰি এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে।আটক কৰা লোককেইজন এটা ড্ৰাগ ডিলিং এজেন্সীৰ কৰ্মচাৰী বুলি জানিবলৈ দিয়ে নগাঁও আৰক্ষীয়ে।

তথ্য অনুসৰি নগাঁও আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ২৪৩/ ১৮ ইউ/ এছ ২২(চি) এন ডি পি এছ এক্টৰ ভিত্তিত দেওবাৰে নগাঁও আৰক্ষীয়ে বিখ্যাত ড্ৰাগ মাফিয়া আবজৰ আলি ওৰফে আবদমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ যোগ্য যে আবজৰ আলিক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে নিচাজাতীয় সামগ্ৰীৰ সাম্ৰাজ্য চলোৱাত সহায় কৰা আন তিনিজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোককেইজন অঞ্জলী শইকীয়া, গোপাল দাস আৰু  বিজু দাস বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ ভিতৰত গোপাল দাস আৰু বিজু দাস ড্ৰাগ ডিলিং এজেন্সীৰ কৰ্মচাৰী। এই কৰ্মচাৰী কেইজনো বৃহৎ ড্ৰাগ ৰেকেটৰ সৈতে জৰিত আছিল। উল্লেখ যোগ্য যে আৰক্ষীয়ে যোৱা জানুৱাৰি মাহৰ ২৩ তাৰিখতে নিচাজাতীয় সামগ্ৰীৰ এই বৃহৎ সাম্ৰাজ্যখন উৎখাত কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে অভিযানৰ সময়ত ১৮,১৬০ টা নিচাজাতীয় টেবলেট আৰু ৪৭৩০ টা কফ চিৰাপ জব্দ কৰছিল।

স্মৰ্তব্য যে জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে একেলগে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সজাগতামূলক ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

 

আৰক্ষী সুত্ৰই জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি এই লোকজনে চোৰাংভাবে এই নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলাই নিছিল। আনহাতে ইয়াৰ ফলত এই অঞ্চলৰ বহুকেইজন যুৱক ড্ৰাগছৰ কবলত পৰি জীৱন ধ্বংস হোৱা বুলি স্থানীয় ৰাইজে এক অভিযোগ কৰিছে।