নগাঁও, কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পাহৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে

Cachar-paper-mill-266x200

প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিক অসাৰ প্ৰতিপন্ন কৰি নগাঁও আৰু কাছাৰ কাগজ কল চিৰদিনলৈ বন্ধ হোৱাৰ দিশত আগবাঢ়িছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত মোদীয়ে বিজেপি শাসনলৈ আহিলে দুয়োটা কল পুনৰুজ্জীৱিত কৰি তোলা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও শেহতীয়াকৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ চমুকৈ এন চি এল টিয়ে হিন্দুস্তান কাগজ নিগম লিমিটেডক দেউলীয়া ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মোদীৰ প্ৰতিশ্ৰুতিৰ অসাৰ প্ৰতিপন্ন হোৱাৰ সম্ভাৱনাই অধিক।

উল্লেখযোগ্য যে কোম্পানীৰ ঋণদাতা সকলৰ বাবে কালি প্ৰকাশিত এক জাননীত ৯ ডিচেম্বৰ দেউলীয়া প্ৰক্ৰিয়া সমাপ্তিৰ সম্ভাব্য তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। লগতে ১০ জুলাইৰ পূৰ্বে অন্তৱৰ্তীকালীন মীমাংসাৰ বাবে ঋণদাতাসকলক নিজৰ দাবী দাখিলৰ আহ্বান জনোৱা হৈছে।

ইফালে এই দুয়োটা কাগজ কলেই এইচ পি চি এলৰ অন্তৰ্গত আৰু নগাঁও কল ২০১৫ আৰু কাছাৰ কল ২০১৪ চনৰ পৰা অকাৰ্যক্ষম অৱস্থাত আছে।

আনহাতে এই দুয়োটা কাগজ কলৰ কৰ্মচাৰী সকলৰ সংগঠন জইণ্ট একচন কমিটীয়ে কেন্দ্ৰই এই দুয়োটা কাগজ কলক ব্যক্তিগতকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি সদৰী কৰিছে।

ইতিমধ্যে এই সন্দৰ্ভত তেওঁলোকে গুৰু আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰণালয়ৰ সচিব আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিবক আবেদন দাখিল কৰিছিল যদিও কেন্দ্ৰই সেই আবেদন নাকচ কৰি ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।