NORTHEAST NOW (Assamese)

নগাঁও জিলাৰ কামপুৰত পৃথক স্থানত বিদ্যুৎস্পৃষ্ট হৈ নিহত দুজন লোক

May 11, 2018 10:19 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

নগাঁও জিলাৰ কামপুৰত আজি পৃথক স্থানত বিদ্যুৎস্পৃষ্ট হৈ দুজনকৈ লোকে কৰুণ মৃত্যুক সাবটি ল’ব লগীয়া হয়।

উল্লেখযোগ্য যে কামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ কামপুৰৰ ঘিলানী আদৰ্শ গাঁৱৰ বলোভদ্ৰ দাস নামৰ লোক জনে পথাৰত ছাগলী বিচাৰি যাওঁতে পথাৰৰ মাজত পৰি থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যুক সাবটি লয়।

আনহাতে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে কামপুৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও ক্ষোভিত ৰাইজে বিদ্যুৎ বিভাগৰ লোক উপস্থিত নোহোৱা পৰ্যন্ত নিহত ব্যক্তিজনৰ মৃতদেহ উক্ত স্থানৰ পৰা আঁতৰাই নিয়াত বাধা প্ৰদান কৰে।

স্থানীয় ৰাইজে আজি দীৰ্ঘদিন ধৰি দুৰ্ঘটনা সংঘটিত হোৱা পথাৰখনত ১১ হাজাৰ ভল্টৰ এডাল বিদ্যুৎ পৰিবাহী তাঁৰ পৰি আছিল বৰ্তমানলৈকে বিদ্যুৎ বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ ফলতে আজি উক্ত লোকজনে মৃত্যুক সাবটি ল’ব লগীয়া হ’ল বুলি ক্ষোভ প্ৰকাশ কৰে। লগতে স্থানীয় ৰাইজে নিহত ব্যক্তিজনৰ হৈ বিদ্যুৎ বিভাগক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনায়।

আনহাতে কচুৱা লুটুমাৰী হাজং গাঁৱতো বিদ্যুতৰ কাম কৰি থকা অৱস্থাতেই এজন ব্যক্তি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। নিহত লোকজনক ধৰ্মেন্দ্ৰ হাজং বুলি চিনাক্ত কৰা হৈছে।

Related News