NORTHEAST NOW (Assamese)

নগাঁও জিলাৰ কামপুৰত যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

May 5, 2018 11:02 pm · এন ই নাও নিউজ

শনিবাৰে নগাঁও জিলাৰ কামপুৰৰ কঠিয়াতলী ব্ল’ক যুৱ কংগ্ৰেছ সমিতিয়ে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ ঐতিহ্যক্ষেত্ৰ আৰু গৌৰৱ স্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ব্যক্তিগত প্ৰতিষ্ঠানক গতাব খোজা হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি নগাঁও জিলাৰ কচুৱা তিনিআলিত কঠিয়াতলী ব্ল’ক যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে সমদল উলিয়াই ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গ’বেক, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ’ আদি প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ কচুৱা অঞ্চলৰ আকাশ বতাই কঁপাই তোলে। কঠিয়াতলী ব্ল’ক যুৱ কংগ্ৰেছৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে এই কার্যসূচীত অংশ গ্ৰহণ কৰে।

সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ কাজিৰঙাকে প্ৰমুখ্য কৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল, ৰংঘৰ, কাৰেংঘৰ আদিক ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ ওলোৱাটো অসমীয়া জাতীয় স্বাভিমানৰ প্ৰতি চৰম অপমান বুলি যুৱ কংগ্ৰেছৰ দলটোৱে উল্লেখ কৰে। আনহাতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই সিদ্ধান্ত বাতিলৰ দাবী জনাই।

Related News