নগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক কল্যাণ পুঁ‌জি গঠন

556417_1389453597947525_1746389109_n

নগাঁৱৰ সদৰস্থ সাংবাদিকসকলক চিকিৎসাজনিত কাৰণত সহায় কৰাৰ উদ্দেশ্যৰে এটা সাংবাদিক কল্যাণ পুঁজি গঠন কৰা হয়। সোমবাৰে নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, সম্পাদকদ্বয় চন্দনজ্যোতি বৰা আৰু ভাস্কৰজ্যোতি মেধিয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

এই কল্যাণ পুঁজিটোৰ বাবে নগাঁও প্ৰেছ ক্লাৱৰ উপ-সভাপতি মুৰুলি বৰুৱাক সভাপতি, কাৰ্যনিৰ্বাহক সদস্য মিঠুমুগ্ধ গোঁহাইক সম্পাদক, জীতেন বৰকটকী, ফাইজুৰ ৰহমান, ছফিকুৰ ৰহমান, কাছেম আহমেদ আৰু প্ৰসেনজিৎ মণ্ডলক সদস্য হিচাপে লৈ এখন উপসমিতি গঠন কৰা হয়। এই উপ-সমিতিখন নগাঁও প্ৰেছ ক্লাৱৰ তদাৰকত থাকিব আৰু প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক সমিতিৰ ওচৰত দায়বদ্ধ থাকিব।

উল্লেখ্য যে প্ৰেছ ক্লাৱৰ সদস্য সকলৰ বৰঙণি আৰু নগাঁও প্ৰেছ ক্লাৱৰ শুভাকাংক্ষীসকলৰ অৰ্থ সাহায্যৰে এই কল্যাণ পুঁজিটো গঠন কৰা হ’ব। ইতিমধ্যে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতীয়ে নগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিক কল্যাণ পুঁজিলৈ এককালীন অৰ্থ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

আনহাতে নগাঁও প্ৰেছ ক্লাৱৰ সদস্য তথা শুভাকাংক্ষীসকলক প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তাসকলে সাংবাদিক কল্যাণ পুঁজিৰ বাবে অৰ্থ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে।