নগাঁৱত আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত অস্ত্ৰ সৰবৰাহকাৰী

23-03-18 Nagaon- Dacoit shot dead

নগাঁৱত বৃদ্ধি পোৱা সামাজিক অপৰাধৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰিছে। এনে অভিযানৰ অংশ হিচাপে কালি সংঘটিত হোৱা আৰক্ষী আৰু অবৈধ মাৰনাস্ত্ৰ সৰবৰাহকাৰীৰ মাজৰ  সংঘৰ্ষত এজন দুৰ্বৃত্ত নিহত হয়। আৰক্ষীয়ে লগতে আন এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কালি সংঘটিত হোৱা ঘটনাটো সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে কয় যে অবৈধ মাৰনাস্ত্ৰ সৰবৰাহকাৰীৰ এটা দলে অস্ত্ৰ বিক্ৰী বাবে নগাঁও চহৰৰ পৰা ৰূপহীহাটৰ পিনে গৈ থকাৰ খৱৰ পাই পুৱাতেই ম’হখুলি অঞ্চলত অৱস্থান গ্ৰহণ কৰিছিল।

ইয়াৰ মাজতেই এখন নম্বৰ প্লেটবিহীন পালছাৰ বাইকেৰে সন্দেহজনকভাৱে অহা দুজন লোকক আৰক্ষীয়ে ৰখিবলৈ দিয়াৰ পিছত বাইক আৰোহী দুজনে পলাবলৈ চেষ্টা কৰে। ইয়াৰ এজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

আনজন বাইক আৰোহীয়ে দৌৰি পলোৱাৰ চেষ্টা কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত গুলীবিদ্ধ হৈ দুৰ্বৃত্তজন মাটিত ঢলি পৰে। আৰক্ষীয়ে দুৰ্বৃত্তজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। সংঘৰ্ষত এজন আৰক্ষীৰ লোকো সামান্যভাৱে আহত হয়।

সংঘৰ্ষত নিহত লোকজন নগাঁও চহৰৰ ১ নং মোল্লাপট্টিৰ ৰমজান আলী বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আৰক্ষীয়ে কৰায়ত্ব কৰা আনজন লোক হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত টিনটেলি গাঁৱৰ আলিম উদ্দিন।

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰা আলিম উদ্দিনৰ ভৰিৰ মৌজাত সুমুৱাই ৰখা ৭.৬৫ এম এম পিষ্টল এটা, তিনিটা সজীৱ গুলী আৰু এটা মোবাইল ছেট উদ্ধাৰ কৰে। আৰক্ষীয়ে নিহত ৰমজান আলীৰ পৰাও এটা পইন্ট ২২ পিষ্টল আৰু এটা মোবাইল ছেট উদ্ধাৰ কৰে।

দুৰ্বৃত্ত দুজনে ম’হখুলি অঞ্চলত এই মাৰণাস্ত্ৰখিনি ১২ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিবলৈ লৈ গৈছিল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।