নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মাছৰ অৱস্থান ধৰ্মঘট

97a4eb2d-32e8-42ca-9cab-50a537f08ec5

”বিজেপি দলে জাতি-মাটি-ভেটি ৰক্ষাৰ নামত চৰকাৰ গঠন কৰিলেও চৰকাৰখনে অসমীয়াৰ ভৱিষ্যতৰ  প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। দলটোৱে জাতিধ্বংসী বিধেয়কখন আইনত পৰিণত কৰি হিন্দু বাংলাদেশীৰ বাবে ৰঙা দলিছা পাৰিব বিচাৰিছে। ইয়ে অসমীয়াৰ অস্তিত্বত আঘাত হানিব।” আজি মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁৱৰ বিভিন্ন দল সংগঠন তথা অগ্ৰণী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী ৰাইজে এই মন্তব্য কৰে।

প্ৰতিবাদকাৰীসকলে জাতিধ্বংসী বিধেয়ক প্ৰত্যাহাৰ কৰক, অসম চৰকাৰ হায় হায়, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে নগাঁৱৰ আকাশ-বতাহ কঁ‌পাই তুলি  বিধেয়কখন শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৰাইজে দিল্লী-দিছপুৰৰ লগতে অসম বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিব পৰাকৈ অসমীয়া জাতি সাজু বুলি কয়। তেওঁলোকে আৰু কয় যে শীঘ্ৰে জাতিধ্বংসী এই  বিধেয়কখন বাতিল কৰক। অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি চৰকাৰে কাম কৰিব লাগিব। অন্যথা অনাগত দিনত পৰিস্থিতি অধিক ভয়ংকৰ হ’ব। জাতীয় নায়ক সোণোৱালৰ চৰকাৰখনে এই ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে, অসমীয়াই অদূৰ ভৱিষ্যতে ভয়াবহ আন্দোলন গঢ়ি তুলিব।

আনহাতে এই বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বিধেয়ক খনৰ জৰিয়তে ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানৰ সমতা আৰু ধৰ্ম নিৰপেক্ষতাক সম্পূৰ্ণৰূপে জলাঞ্জলি দি ধৰ্মৰ ভিত্তিত বহিঃৰাষ্ট্ৰৰ পৰা লক্ষ লক্ষ বিদেশীক নাগৰিকত্ব প্ৰদানৰ যি চক্ৰান্তমূলক অভিসন্ধি ৰচনা কৰিছে, তাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব উত্তৰ পূৰ্বা়ঞ্চল তথা অসম আৰু অসমীয়া।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নগাঁও জিলা সভাপতি বৈকুণ্ঠ শইকীয়াৰ সঞ্চালনাত তথা মাছৰ জিলা সচিব বোধেন বৰাই আঁ‌ত ধৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত মাছৰ সহকাৰী সম্পাদক লক্ষী ডেকা, নগাঁও জিলা ট্ৰাইবেল সংঘ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কোঁ‌চ ৰাজবংশী সন্মিলনী, কাৰ্বি ছাত্ৰ সন্থা, আদিবাসী মহাসংঘ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, প্ৰাক্তন আলফা ঐক্য মঞ্চ, তিৱা ছাত্ৰ সন্থা, সাংবাদিক সন্থা, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ জিলা পৰ্যায়ৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকি বিধেয়কখনৰ বিৰোধিতাৰে ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে কাৰ্বি আংলঙৰ ডকমকাত নৃশংসতাৰ বলি হৈ মৃত্যু বৰণ কৰা দুই প্ৰতিভাধৰ যুৱক নীল-অভিৰ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে কাৰ্যসূচীৰ অন্তত বিধেয়কখন বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু সংসদীয় সমিতিৰ অধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।