নগাঁৱত বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ : এজনক গ্ৰেপ্তাৰ

drugs-570x320

প্ৰতিনিধিত্বমূলক ফটো

নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই আজি হয়বৰগাঁও খুটিকটীয়াৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষী সুত্ৰ‌ই জনোৱা মতে, গুৱাহাটীৰ পৰা এ এচ ০১-জি চি-৮৯২৭ নম্বৰৰ ট্ৰাকখনে ঔষধ সহ বিভিন্ন সামগ্ৰী নগাঁৱলৈ আনি চহৰখনৰ খুটিকটীয়া চেফ এস্কপ্ৰেছ নামৰ এখন কুৰিয়াৰ প্ৰতিষ্ঠানত নমায়।

সেই সামগ্ৰীৰ ভিতৰত নগাঁৱৰ এম আজাদ পথৰ জে এম ফাৰ্মাটিকেলৰ ঔষধো আছিল। এই ঔষধখিনি নিচাযুক্ত ঔষধ বুলি তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাই ৩৫ কাৰ্টন নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত আৰক্ষীয়ে সামগ্ৰী সৰবৰাহকাৰী ট্ৰাকখনৰ লগতে এ এচ ০২- ই -৭১৮৬ নম্বৰৰ মেজিক গাড়ীখনো জব্দ কৰে। এই গাড়ীখনতে ঔষধ প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ সামগ্ৰী খিনি সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল।

আৰক্ষীয়ে উক্ত সৰবৰাহ কাৰ্যৰ লগত জৰিত বেঙেনাআটি গাঁৱৰ জাহাঙ্গীৰ আলম নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত জাহাঙ্গীৰ দীৰ্ঘদিন ধৰি ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ ব্যৱসায়ৰ লগত জৰিত থকাৰ অভিযোগত পুৰ্বেও কেবাবাৰো গ্ৰেপ্তাৰ হৈছিল।

উল্লেখ্য যে জে এন ফাৰ্মাচিটিকেল নামৰ ঔষধ প্ৰতিষ্ঠানটোক বিভিন্ন অনিয়মৰ অভিযোগত বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে নিলম্বিত কৰিছে।